ডিফু, 22 ফেব্ৰুৱাৰী: আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছুম ৰংহাঙক(New president of Karbi Anglong District Congress) ৷ বিগত সময়ছোৱাত জিলাখনত কেইবাটাও নিৰ্বাচনত ধাৰাবাহিক বিপৰ্যয়ৰ সন্মূখীন হৈ অহা কংগ্ৰেছ দলৰ অতিকে সংকটৰ সময়ত পাহাৰৰ ৰাজনীতিত দলটোৰ নেতৃত্বৰ ভাৰ লোৱা নতুন সভাপতি গৰাকীয়ে সোমবাৰে ডিফুস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠিকভাৱে দলৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷
ইফালে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নৱ নিযুক্ত সভাপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে দলীয় নেতা-কৰ্মী সকলে ৷ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷