ডিফু, ৮ ফেব্ৰুৱাৰী: অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা 2023 (Assam Book Fair in Diphu) ৷ এই গ্ৰন্থমেলাত বুধবাৰে বিয়লি 1 বজাত সাহিত্যিক বসন্ত দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় “লোক পৰম্পৰাৰ চৰ্চা আৰু গ্ৰন্থ প্ৰণয়ন” শীৰ্ষক এখনি আলোচনা সত্ৰ ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক তথা ঔপন্যাসিক দিলীপ চন্দনে (Discussion on Folk traditions) ৷
তেওঁ বিষয় প্ৰসংগত কয়, “লোক পৰম্পৰা-সংস্কৃতিয়ে সমাজখনক সমৃদ্ধ কৰি ৰাখে ৷ লোক-জীৱনৰ পৰম্পৰাই সভ্যতাৰ আধাৰ ৷ লোক পৰম্পৰাৰে অসমখন ঐশ্বৰ্যশালী ৷ গতিকে এই বিষয়ে সত্যাশ্ৰয়ী গৱেষণাৰ জৰিয়তে গ্ৰন্থ প্ৰণয়ন হ’লে সকলো উপকৃত হ’ব ৷” ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে লেখিকা তথা ডিফু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ মনালিছা ৰংপিপীয়ে ৷ তেওঁ কয় যে, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক পৰম্পৰাক লৈ বিভিন্ন গ্ৰন্থ প্ৰণয়ন হৈছে ৷ লোক পৰম্পৰাই সাহিত্যত ঠাই পোৱাৰ উপৰি এই বিষয়ক ইতিহাসৰ তথ্য সমৃদ্ধ গ্ৰন্থও প্ৰকাশিত হৈছে ৷ কিন্ত এয়া এতিয়াও আংশিক পৰ্যায়তে আছে ৷ এই বিষয়ে পৰিপূৰ্ণ গ্ৰন্থৰ প্ৰয়োজন আছে (Folk culture of Assam) ৷
আন এগৰাকী আলোচক অতিথি ডিফু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা গীতা হাঞ্চেপীয়ে উল্লেখ কৰে যে, অসমৰ জাতি-জনগোষ্ঠীৰ লোক পৰম্পৰাক লৈ গভীৰ গৱেষণা অতি জৰুৰী ৷ এনে গৱেষণাৰ জৰিয়তে গ্ৰন্থ প্ৰণয়ন হোৱাটো জৰুৰী ৷ একেদৰে আলোচক অতিথি হিচাপে উপস্থিত থকা লেখক তথা চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ইন্দ্ৰজিৎ বেজবৰুৱাৰ মতে, এনে এটা বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰি অসম প্ৰকাশন পৰিষদে আশাৰ বতৰা কঢ়িয়াইছে (Folk traditions of Assam) ৷
লগতে পঢ়ক:Assam Book Fair 2023: ডিফুত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2023