ডিফু, 1 ছেপ্টেম্বৰ: ডিফুত বৃহস্পতিবাৰে ডিমাচা সকলৰ কাষ্টমাৰী ল' আৰু গ্ৰাম পৰিষদৰ সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত হয় (Seminar on Dimasa Customary law ) ৷ ১৯ নং ধনশিৰি পৰিষদীয় সমষ্ঠিৰ এমএচি তিলোত্তমা হাঞ্চুৰ নেতৃত্বত আজি দিনজোৰা কাৰ্যসূচীৰে ফাৰমাৰ্চ এণ্ড গ্ৰ'থ চেণ্টাৰত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ ৷ যোৱা 20 আগষ্টত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুই পাৰ্বত্য জিলা কাৰ্বি আংলঙত জনজাতি সকলৰ বাবে ষষ্ঠ অনুসূচী ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷
পৰিষদৰ এমএচি তিলোত্তমা হাঞ্চুৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনত ডিমাপুৰ, হোজাই, নগাওঁ আৰু কাৰ্বি আংলঙৰ ডিমাচা জাতীয় সংগঠন, ভাতৃ আৰু ভগ্নী সংগঠনৰ নেতাৰ লগতে বুদ্ধিজীৱি সকলে অংশ গ্ৰহণ কৰি ডিমাচা কাষ্টমাৰী ল' আৰু গ্ৰাম পৰিষদ গঠন সন্দৰ্ভত বিস্তৃত আৰু মনোজ্ঞ বাখ্যা আগবঢ়ায় ৷ এই বিশেষ আলোচনাচক্ৰত ডিমাচা সাহিত্য সভা,ডিমাচা ছাত্ৰ সন্থা, এডিএছইউ, ডিমাচা মহিলা. সমাজ, ডিমাচা মাতৃ সমাজ, ডিমাচা গাওঁবুঢ়া সমাজে অংশ গ্ৰহণ কৰে ৷