অসম

assam

ETV Bharat / state

ডিফুত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আমৰুং চিংৰি আত্মসহায়ক গোটৰ - Garbage Collection

স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে আৰু ডিফু পৌৰসভাৰ সহযোগত ডিফু চহৰৰ ৩ নং ৱাৰ্ড এলেকাত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কাৰ্য আৰম্ভ কৰে ৷

ডিফুত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আমৰুং চিংৰি আত্মসহায়ক গোটৰ

By

Published : Jun 9, 2019, 11:38 PM IST

ডিফু, 9 জুনঃডিফুৰ আমৰুং চিংৰি এএফএল আত্মসহায়ক গোটে চহৰখনত আৰম্ভ কৰিছে জাৱৰ সংগ্ৰহ কাৰ্যসূচী ৷ বিগত সাত জুনত ডিফু পৌৰসভাই চহৰখনৰ দহটাকৈ আত্মসহায়ক গোটক প্ৰদান কৰিছিল লঘু বাহন ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপস্থিতিত এই বাহনসমূহ প্ৰদান কৰা হৈছিল ৷

ডিফুত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আমৰুং চিংৰি আত্মসহায়ক গোটৰ

অধিক পঢ়কঃ AN 32 সন্ধানঃ সাতদিনেও সন্ধান নাই বায়ুসেনাৰ অভিশপ্ত নিৰুদ্দিষ্ট বিমানৰ

পৰৱৰ্তী সময়ত আজিৰে পৰা আত্মসহায়ক গোটসমূহৰ ভিতৰত আমৰুং চিংৰি এএফএল গোটে নিজৰ কাম আৰম্ভ কৰিছে ৷ গোটটোৰ সভানেত্ৰী জোনাকি ৰংপিপি, সম্পাদিকা অঞ্জলী তিমুঙপী আৰু চিআৰপি ববিতা তিচ'পীৰ নেতৃত্বত অন্যান্য সদস্যা সকলে হাতে হাতে ঝাড়ু-টুকুৰী লৈ ট্ৰিপাৰ বাহনেৰে ৩নং ৱাৰ্ডৰ ঘৰে ঘৰে জাবৰ সংগ্ৰহ কাৰ্যৰ শুভাৰম্ভ কৰে ৷

ABOUT THE AUTHOR

...view details