অসম

assam

Rangbang Terang Samannya Award 2023: ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ ২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা

By

Published : Jan 13, 2023, 9:07 PM IST

প্ৰসিদ্ধ ভাস্কৰ বীৰেন সিংহলৈ আগবঢ়োৱা হ’ল 2023 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা (Rangbang Terang Samannya Award 2023) ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ ওপজা দিন উপলক্ষে আজি বকলীয়াঘাটত এই বঁটা প্ৰদান কৰা হয় ৷ আজিৰ দিনটোতে ৰংবং তেৰাঙে নিজ হাতেৰে উন্মোচন কৰে বকলীয়াঘাটত স্থাপন কৰা নিজৰেই প্ৰতিমূৰ্তি ৷

Rangbang Terang Samannya Award 2023
২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

ডিফু, 13 জানুৱাৰী: প্ৰতিবছৰৰ দৰে এই বছৰো পদ্মশ্ৰী ৰংবং তেৰাঙৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় 'ৰংবং তেৰাং সমন্বয় বঁটা 2023' ৷ পূৰ্বে ঘোষণা কৰাৰ দৰে শুকুৰবাৰে বকলীয়াঘাট চিংথুৰ প্ৰকাশনৰ উদ্যোগত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে নিপুণ ভাস্কৰ্য শিল্পী বীৰেন সিংহক প্ৰদান কৰা হয় এই বঁটা (Rangbang Terang Samannya Award to Biren Singha) ৷

অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড৹ উপেন্দ্ৰজিত শৰ্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জ্যেষ্ঠ কাৰ্যবাহী সদস্য মঙলছিং তিমুং, মধুৰাম লেকথেৰ লগতে পাহাৰীয়া জিলাখনৰ কেইবাগৰাকী নবীন-প্ৰবীণ কবি, সাহিত্যিকে ব্যক্তি অংশ গ্ৰহণ কৰে এই অনুষ্ঠানত (Rangbang Terang birthday) ৷ বঁটা প্ৰদানৰ বাবে আয়োজিত সভাত অগ্ৰণী সংগঠন চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰী বিশ্বজ্যোতি হাজৰিকাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় পাহাৰীয়া জিলাখনৰ চিৰ পৰিচিত ভাস্কৰ্য শিল্পী বীৰেন সিংহক ৷

গাম্ভীৰ্যপূৰ্ণ সভাখনত নিজৰ ওপজা দিনতে পদ্মশ্ৰী ৰংবং তেৰাঙে নিজে হাতে শিল্পী বীৰেন সিংহক প্ৰদান কৰে সমন্বয় বঁটাটো ৷ উক্ত বঁটাৰ লগতে শিল্পী গৰাকীলৈ আগবঢ়ােৱা হৈছে কাৰ্বি পৰাম্পৰাগত সাজপাৰ, চয়হংথৰ, সম্বৰ্ধনা পত্ৰ, নগদ ধন আৰু গ্ৰন্থৰ টোপোলা ৷ ৰংবং তেৰাং সমন্বয় বঁটা গ্ৰহণ কৰি ভাস্কৰ্য শিল্পী গৰাকী আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ৷

তেওঁ কয় যে, পাহাৰীয়া জিলাখনৰ সৈতে তেওঁৰ সম্পৰ্ক বহুদিনীয়া ৷ পাহাৰৰ কাৰ্বি জনগোষ্ঠীৰ মনবোৰ সহজ-সৰল ৷ আনক মৰম দি ভাল পায় ৷ সমন্বয় বঁটা প্ৰাপ্তিয়ে তেওঁৰ মনোবল অধিক বৃদ্ধি কৰিব বুলি মন্তব্য কৰে শিল্পী বীৰেন সিংহই ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে চিংথুৰ প্ৰকাশন গোষ্ঠীক শলাগ লৈ কয় যে, তেওঁৰ জন্মদিনত অসমৰ বৰেণ্য সাহিত্যিক-শিল্পী সকলক সমন্বয় বঁটা প্ৰদান কৰাত তেওঁ অত্যন্ত সুখী ৷ এনে প্ৰচেষ্টাই পাহাৰ আৰু ভৈয়ামৰ মাজত সম্পৰ্ক অধিক দৃঢ় কৰিব ৷

আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি পদ্মশ্ৰী ৰংবং তেৰাঙ আৰু শিল্পী বীৰেণ সিংহই বিভিন্ন লেখকৰ 10 খনকৈ গ্ৰন্থও উন্মোচন কৰে ৷ সভাৰ অন্তত বকলীয়াঘাটৰ কাৰ্বি সাহিত্য সভাৰ কাৰ্যালয় চৌহদত পদ্মশ্ৰী ৰংবং তেৰাঙৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰে ৰংবং তেৰাঙ সমন্বয় বঁটা প্ৰাপক শিল্পী বীৰেন সিংহ আৰু ৰংবং তেৰাঙে ৷ জীৱিত কালতে নিজৰ প্ৰতিমূৰ্তি নিজে উন্মোচন কৰিবলৈ পাই যথেষ্ট আৱেগিক হৈ পৰা তেৰাঙে বকলীয়াঘাটবাসীয়ে তেওঁক বুকুতে স্থান দি প্ৰতিমূৰ্তি সাজিছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:Highest performing Laparoscopic Surgeon: ডাঃ ৰাতুল দাসক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বঁটা

ABOUT THE AUTHOR

...view details