অসম

assam

By

Published : Sep 6, 2022, 9:35 PM IST

ETV Bharat / state

ডিফুত সখীসকলক স্কুটী প্ৰদান

'সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত মঙলবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত মহিলা সকলৰ মাজত বিনামূলীয়া স্কুটী প্ৰদান কৰা হয় (Scooty distribution program in Diphu) ৷ ড৹ তুলিৰাম ৰংহাঙৰ উপস্থিতিত কৃষি সখী, পশু সখী, বীমা সখী আৰু বেংক সখী সকলৰ মাজত এই স্কুটী সমূহ বিতৰণ কৰা হয় (Scooty distribution to Sakhi) ৷

Scooty distribution to Sakhi
Scooty distribution to Sakhi

ডিফু, 6 ছেপ্টেম্বৰ:অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত 'সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত মঙলবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত মহিলা সকলৰ মাজত বিনামূলীয়া স্কুটী প্ৰদান কৰা হয় (Scooty distribution program in Diphu) ৷ এই উদ্দেশ্যে আজি ডিফু ক্লাৱত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ উপস্থিতিত কৃষি সখী, পশু সখী, বীমা সখী আৰু বেংক সখী সকলৰ মাজত এই স্কুটী সমূহ বিতৰণ কৰা হয় (Scooty distribution to Sakhi) ৷

ডিফুত সখীসকলক স্কুটী প্ৰদান

সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি দিয়া ভাষণত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC chief Tuliram Ranghang) আত্ম সহায়ক গোট সমূহে লাভ কৰা বিভিন্ন চৰকাৰী সাহায্যৰ কথা উল্লেখ কৰি নতুন কাৰ্বি আংলং গঢ়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সাহায্য প্ৰদান কৰা কথা দোহাৰি পৰৱৰ্তী বছৰৰ পৰা পৰিষদে নিজা পুঁজিৰে জিলাৰ আত্মসহায়ক গোট সমূহক প্ৰদানৰ পৰিকল্পনা কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

উল্লেখযোগ্য যে, উক্ত আঁচনিৰ অধীনত কাৰ্বি আংলঙৰ মুঠ দুশ গৰাকী হিতাধিকাৰীৰ মাজত বিনামূলীয়া স্কুটী বিতৰণ কৰা হৈছে ৷ আজিৰ এই অনুষ্ঠানত সাংসদ হৰেণছিং বে', বিধায়ক ৰূপছিং টেৰণ, জিলা উপায়ুক্ত দিবাকৰ নাথ, পৰিষদৰ DRDA বিভাগৰ কাৰ্যবাহী মুকুট মহন্ত, পৰিষদৰ কেইবাগৰাকী ইএম এমএচি, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়া ছাদিক আহমেদ, DRDO ৰ পিডি শশীকান্ত তিমুং আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:মৰ্গত মাতৃৰ মৃতদেহ: চিকিৎসালয়ৰ পৰা সন্ধানহীন দুই শিশু সন্তান

ABOUT THE AUTHOR

...view details