অসম

assam

ETV Bharat / state

ঘৰলৈ আহিল স্কুটী, ডিফুত 506 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মুখত বিৰিঙিল হাঁহি - অধ্যক্ষ ৰাজু তিচ’

কাৰ্বি আংলঙত 506 গৰাকী শিক্ষাৰ্থীক ভাৰত চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতী মেধা বঁটা হিচাপে স্কুটী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷

Scooty distribution to 506 students
ডিফুত 506 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:01 AM IST

ডিফুত 506 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান

ডিফু, 1 ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ণ কৰা ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে বৃহস্পতিবাৰে কাৰ্বি আংলঙত 506 গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান কৰা হয় । বৃহস্পতিবাৰে ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2023 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰত চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতী মেৰিটৰিয়াচ এৱাৰ্ড হিচাপে স্কুটী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷

এই অনুষ্ঠানত কাৰ্বি আংলঙৰ 367 আৰু পশ্চিম কাৰ্বি আংলঙৰ 139 গৰাকী ছাত্ৰ-ছাত্ৰী সহ মুঠ 506 গৰাকী শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰা হয় ৷ ইয়াৰে ছাত্ৰী 60 শতাংশ আৰু 75 শতাংশ নম্বৰ লাভ কৰা ছাত্ৰসকলক এই পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে ড৹ বাণীকান্ত কাকতিৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷ তাৰ পিচত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আদৰণি সংগীত পৰিৱেশন কৰে ৷

কাৰ্বি আংলং জিলাৰ হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পশ্চিম কাৰ্বি আংলঙৰ হৈ পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰোপৰি বিধায়ক বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, পৰিষদৰ উপাধ্যক্ষ ৰাজু তিচ’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবী আৰু বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত তুলিৰাম ৰংহাঙে কয় যে, শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে পৰিষদে বহু যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে। পার্বত্য জিলাৰ পৰা চিকিৎসা বিজ্ঞান পঢ়িবলৈ আগ্রহী ছাত্র-ছাত্রীক বিনামূলীয়া প্রশিক্ষণ প্রদান কৰা হ’ব। ইতিমধ্যে অসম আৰু কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে পৰিষদে বিনামূলীয়া প্রশিক্ষণ প্রদান কৰা আহিছে। কেন্দ্রীয় লোকসেৱা আয়োগত স্থান লাভ কৰা ছাত্র-ছাত্রীক ১৫ লাখ টকালৈকে পৰিষদে প্রদান কৰিব বুলিও প্রকাশ কৰে ৰংহাঙে।

মূলতঃ শিক্ষাৰ জৰিয়তে জিলাখনৰ নিবনুৱা সমস্যা সমাধানৰ প্রচেষ্টা গ্রহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৰংহাঙে ৷ লগতে চিকিৎসা বিজ্ঞান পঢ়া ছাত্র-ছাত্রীক 50 হাজাৰ টকাকে প্রদান কৰি অহাৰ লগতে আইনৰ ছাত্র-ছাত্রীক পঞ্জীয়নৰ বাবে পৰিষদে 50 হাজাৰকৈ টকা প্রদান কৰি অহা বুলিও মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :হাৱালাৰ ধন আত্মসাৎ কৰি এতিয়া আৰক্ষী-সাংবাদিকৰ আগত ঢাকিছে নাক!

ABOUT THE AUTHOR

...view details