অসম

assam

ETV Bharat / state

বীৰ শ্বহীদ গৌতম কোঁছৰ স্মৃতিত নামাকৰণ হ'ল বিদ্যালয় - গৌতম কোঁছ

বকলীয়াঘাটৰ বালিজান গাঁৱত থকা বালিজান প্রাথমিক বিদ্যালয়খনৰ নাম সলনি কৰি ১ নং বালিজান বীৰ শ্বহীদ গৌতম কোঁছ স্মৃতি বিদ্যালয় হিচাপে নতুনকৈ নামকৰণ কৰা বিদ্যালয়খনৰ বৃহস্পতিবাৰে শুভ উদ্বোধন কৰা হয় । বীৰ শ্বহীদ প্ৰয়াত গৌতম কোঁছ অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থী সংগঠনৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ৷

School named in memory of martyr Gautam Koch
বীৰ শ্বহীদ গৌতম কোচৰ স্মৃতিত নামাকৰণ হ'ল বিদ্যালয়

By

Published : Oct 21, 2021, 8:26 PM IST

ডিফু, ২১ অক্টোবৰ:কার্বি আংলং জিলাৰ বকলীয়াঘাটৰ বালিজান গাঁৱত থকা বালিজান প্রাথমিক বিদ্যালয়খনৰ নাম সলনি কৰি ১ নং বালিজান বীৰ শ্বহীদ কীর্তিচক্র গৌতম কোঁছ স্মৃতি বিদ্যালয় হিচাপে নতুনকৈ নামকৰণ কৰা বিদ্যালয়খনৰ বৃহস্পতিবাৰে শুভ উদ্বোধন কৰা হয় । বীৰ শ্বহীদ প্ৰয়াত গৌতম কোঁছ অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থী সংগঠনৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ৷

বীৰ শ্বহীদ গৌতম কোঁছৰ স্মৃতিত নামাকৰণ হ'ল বিদ্যালয়

বীৰ শ্বহীদগৰাকীৰ স্মৃতিত নামকৰণ কৰা বিদ্যালয়খন শ্বহীদ পৰিয়ালৰ উপস্থিতিত শুভ উদ্বোধন কৰে অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা আৰু কার্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে । বিদ্যালয় প্রাংগণত অনুষ্ঠিত হােৱা এখন সভাৰ ভাষণত সত্যৰাজ হাজৰিকাই বীৰ শ্বহীদ গৌতম কোঁছৰ স্মৃতিক যুগমীয়া কৰি ৰখাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্রধান গৰাকীয়ে হাতত লােৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

বীৰ শ্বহীদ গৌতম কোচৰ স্মৃতিত নামাকৰণ হ'ল বিদ্যালয়

ইফালে, কার্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্রদান কৰা চমু ভাষণত বীৰ শ্বহীদ গৌতম কোঁছৰ স্মৃতি যাতে হেৰাই নাযায় তাৰ প্রতি লক্ষ্য ৰাখিয়েই এনে পদক্ষেপ গ্রহণ কৰা বুলি মন্তব্য প্ৰকাশ কৰে । শ্বহীদ জোৱানগৰাকীৰ ত্যাগৰ নিদর্শনে আহিবলগীয়া প্রজন্মকো দেশমাতৃৰ সেৱাৰ বাবে আগবাঢ়ি অহাৰ ক্ষেত্রত প্রেৰণা যােগাব বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

সভাখনত বীৰ শ্বহীদ গৌতম কোঁছৰ পিতৃ ডিম্বেশ্বৰ কোঁছ, শিক্ষক অতুল চন্দ্র শর্মা, দিলীপ পুৰকায়স্থ আদিয়ে ভাষণ প্রদান কৰি বীৰ শ্বহীদগৰাকীৰ ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে ৷ সভাখন আঁত ধৰে বকলীয়াঘাট আৰক্ষীৰ বিষয়া মনজিৎ তেৰাঙে ।

লগতে পঢ়ক:উজনিত কংগ্ৰেছ শূন্য; কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে

ABOUT THE AUTHOR

...view details