নিউজ ডেস্ক,9 ছেপ্টেম্বৰ:দৰিদ্ৰ জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰে বহু আঁচনি প্ৰৱৰ্তন কৰাৰ বিপৰীতে তাৰ মাজতে আকৌ একাংশই চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাতহে যেন উঠিপৰি লাগিছে ৷ শেহতীয়াভাৱে লামডিঙতো পোহৰলৈ আহিছে এনেধৰণৰ ঘটনা ৷
দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম চলাৰ লগতে বিভিন্ন ৰাইজে তেওঁলোকৰ প্ৰাপ্যৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে (Scam in beneficiary scheme) ৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন লৈ ব্যাপক দূৰ্নীতি সংঘটিত হৈছে দক্ষিণ লামডিঙত । এই অভিযোগ দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ ভুক্তভোগী হিতাধিকাৰীৰ ।
হোজাই জিলাৰ লামডিং উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ ৱাৰ্ডত সংঘটিত হৈছে জব কাৰ্ডৰ ধনৰ দুৰ্নীতি । দক্ষিণ লামডিং পঞ্চায়তৰ প্ৰতিনিধি বিষয়ববীয়াৰ বিৰুদ্ধে উঠিছে ধন আত্মসাতৰ অভিযোগ । প্ৰাপ্ত অভিযোগ অনুযায়ী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা নিৰ্মল তালুকদাৰৰ লগতে আৰু কেইবাজনো লোকৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধনৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।