ডিফু,২৯ মে':ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ । এইবাৰকৰ'ণাৰ হটস্পটলৈ পৰিণত ভাৰতীয় ষ্টেট বেংকৰ লামডিং ৰোডস্থিত ডিফু শাখা ৷ শাখাটোৰ ৮ জনকৈ কৰ্মচাৰী ক'ভিড-১৯ ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷
ডিফুৰ এছবিআই শাখাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা - 8 employee covid positive at sbi branch of diphu
ভাৰতীয় ষ্টেট বেংকৰ লামডিং ৰোডস্থিত ডিফু শাখাৰ ৮ জনকৈ কৰ্মচাৰী ক'ভিড-১৯ ত আক্ৰান্ত । শাখাটোৰ কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হোৱাৰ পিছতে জিলা প্ৰশাসনে এছবিআইৰ ডিফু মুখ্য শাখাক শনিবাৰৰ পৰা তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৭ জুনলৈ মাইক্ৰ'কণ্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ৷
ডিফুৰ এছবিআই শাখাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা
শাখাটোৰ কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হোৱাৰ পিছতে জিলা প্ৰশাসনে এছবিআইৰ ডিফু মুখ্য শাখাক শনিবাৰৰ পৰা তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৭ জুনলৈ মাইক্ৰ' কণ্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ৷ উক্ত সময়ছোৱাত এছবি আই ডিফু শাখাৰ বিত্তীয় লেন-দেন বন্ধ থাকিব বুলি জানিব পৰা গৈছে ৷ বেংকৰ এক সূত্ৰৰ মতে ক'ভিডত আক্ৰান্ত হোৱা ৮ জনকৈ কৰ্মচাৰীয়ে ক'ভিডৰ ভেকচিনো গ্ৰহণ কৰিছিল ৷
লগতে পঢ়ক:কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ আহি থাকোতে মহিলাক দলবদ্ধ ধৰ্ষণ