অসম

assam

কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

By

Published : Jun 6, 2022, 6:58 PM IST

কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু অপশাসনে সমগ্ৰ অঞ্চলটোক ঘোৰ অন্ধকাৰলৈ ঠেলি দিছিল । কংগ্ৰেছৰ দিনতে কাৰ্বি আংলঙত হত্যা-হিংসা আৰু উগ্ৰপন্থাই গা কৰি উঠিছিল । বিজেপি চৰকাৰৰ দিনতে কাৰ্বি আংলঙত যাতায়াত, যোগাযোগ ব্যৱস্থা, পর্যটন, চিকিৎসা সেৱা, শিক্ষা আদি সকলো দিশতে আমূল পৰিৱৰ্তনৰ সূচনা হৈছে । কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য ৷

কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল
কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 6 জুনঃস্থায়ী শান্তি আৰু সৰ্বাংগীণ প্ৰগতিৰ স্বাৰ্থত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰার্থীসকলক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্বি আংলংত নিৰ্বাচনী প্ৰচাৰ চলায় (Central minister Sarbananda Sonowal attend election campaign at Karbi Anglong) । কপিলী আৰু আমৰেং পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীদ্বয় ক্ৰমে পৱন কুমাৰ আৰু ৰীণা তেৰাংপিৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই সোণোৱালে কয় যে কাৰ্বি আংলং অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ।

পৰ্যটনৰ অপাৰ সম্ভাৱনাময় এই পৱিত্ৰ ভূমিত সৰ্বাংগীণ উন্নয়ন আৰু স্থায়ী শান্তি সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সৱল পদক্ষেপ গ্ৰহণ কৰিছে । মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত বছৰজুৰি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ যি নৱজাগৰণৰ সৃষ্টি হৈছে, সেই জোৱাৰে কাৰ্বি আংলঙলৈও আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । বিজেপি চৰকাৰৰ দিনতে কাৰ্বি আংলঙত যাতায়াত, যোগাযোগ ব্যৱস্থা, পর্যটন, চিকিৎসা সেৱা, শিক্ষা আদি সকলো দিশতে আমূল পৰিৱৰ্তনৰ সূচনা হৈছে ।

কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ জৰিয়তে সৰ্বস্তৰৰ লগতে বিশেষভাৱে উপকৃত হৈছে আৰ্থিকভাৱে পিছপৰা লোকসকল । তেওঁ কয় -"কংগ্ৰেছৰ শাসনকালত কাৰ্বি আংলঙক অকণো গুৰুত্ব দিয়া হোৱা নাছিল (Karbi Anglong neglected during Congress tenure) । কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু অপশাসনে সমগ্ৰ অঞ্চলটোক ঘোৰ অন্ধকাৰলৈ ঠেলি দিছিল । কংগ্ৰেছৰ দিনতে কাৰ্বি আংলঙত হত্যা-হিংসা আৰু উগ্ৰপন্থাই গা কৰি উঠিছিল ।

কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পূৰ্ণ সহযোগিতাত শান্তি চুক্তি সম্পাদনেৰে কাৰ্বি আংলঙত স্থায়ী শান্তিৰ সূচনা হ'ল । এতিয়া অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ লগতে পূৰ্বতে উগ্ৰপন্থাত বিশ্বাসীসকলে মূলসুঁতিত চামিল হৈছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত মনোনিৱেশ কৰিছে । কংগ্ৰেছে দশকৰ পিছত দশক ধৰি কৰিব নোৱৰা কামবোৰ বিজেপি চৰকাৰে মাত্ৰ কেইটামান বছৰৰ ভিতৰতে কৰি দেখুৱালে ।"

শান্তি-সম্প্ৰীতি আৰু উন্নয়নৰ ধাৰা শক্তিশালী কৰাৰ হেতুকে কাৰ্বি আংলঙৰ আটাইকেইটা পৰিষদীয় সমষ্টিতে বিজেপি মিত্ৰজোঁট বিপুল ভোটত জয়ী হ'ব বুলি সোণোৱালে দৃঢ় বিশ্বাস প্ৰকট কৰে । আগন্তুক দিনত অঞ্চলটোত ৫০ খন বিছনাযুক্ত এখন আয়ুষ চিকিৎসালয় স্থাপনৰ দিশতো ব্যৱস্থা গ্ৰহণৰ ইংগিত প্ৰদান কৰে সোণোৱালে ।

লগতে পঢ়ক:পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ

ABOUT THE AUTHOR

...view details