অসম

assam

ETV Bharat / state

বোকাজানত তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ পিছতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

As_Bokajan_CM_visit_vis_AS10035
বোকাজানত তিনিটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Nov 27, 2020, 9:55 PM IST

Updated : Nov 27, 2020, 10:23 PM IST

ডিফু,27 নৱেম্বৰঃ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বোকাজানত এটা আধুনিক প্ৰেক্ষাগৃহ, সৰিয়হজানত এ পি ডি চি এলৰ চাব ষ্টেশ্যন আৰু বালিপথাৰত পি এম জে কে ভি ৱাই আঁচনিৰ অধীনত এখন আদৰ্শ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

বোকাজানত তিনিটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ইয়াৰ পিছতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ‘অসমৰ পাৰ্বত্য জিলাকেইখনক ভাৰতৰ ভিতৰতে উন্নত জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ কৃপণালি কৰা নাই । অনাগত দিনত কাৰ্বি আংলঙক দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাম ।’ সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

আনহাতে, শক্তি, সম্পদেৰে সমৃদ্ধিশালী, আধুনিক ধ্যান ধাৰণাৰে পাহাৰীয়া জিলাকেইখনক শক্তিশালী কৰি তোলাৰ বাবে শাসকীয় চৰকাৰখনে লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । পূৰ্বৰ চৰকাৰৰ আমোলত পাহাৰীয়া জিলাকেইখনে সম মৰ্যাদা লাভৰ পৰা বঞ্চিত হৈছিল যদিও সম্প্ৰতি সম মৰ্যাদা, সম গুৰুত্ব আৰু সম উন্নয়নৰ দৃষ্টভংগীৰে চৰকাৰে কাম কৰি গৈছে ; যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিৰে সুফল সকলোৱে লাভ কৰা কৰিবলৈ সক্ষম হোৱা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও আজি আধাৰশিলা স্থাপন কৰা প্ৰতিটো আঁচনিৰে কাম ১৮ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ’ব বুলি ঘোষণা কৰে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে ৷

লগতে পঢ়ক-তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনঃ শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন

Last Updated : Nov 27, 2020, 10:23 PM IST

ABOUT THE AUTHOR

...view details