অসম

assam

ETV Bharat / state

সঞ্জয় ৰংহাঙৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী ডিএছইউৰ - DHANSIRI SANJOY RONGHANG MURDER CASE

ডিমাছা ছাত্ৰ সন্থা চমুকৈ ডিএছইউয়ে সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অঞ্চলটোত শান্তি স্থাপন কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাই সংগঠনটোৱে ৷

SANJOY RONGHANG MURDER
সঞ্জয় ৰংহাঙৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী ডিএছইউৰ

By

Published : May 22, 2021, 7:03 PM IST

ডিফু, ২২ মে': যোৱা ১৯ মে'ত অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল সঞ্জয় ৰংহাঙ ওৰফে ডিফুছা । এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনা অব্যাহত আছে সমগ্ৰ অসমতে । বিভিন্ন সংগঠনে ইতিমধ্যে ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে ডিমাছা ছাত্ৰ সন্থা চমুকৈ ডিএছইউয়ে হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ এক প্ৰেছ বিবৃতিযোগে ডিএছইউৰ সভাপতি ধিৰাজ ডিফুছাই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে অঞ্চলটোত শান্তি, সম্প্ৰীতি বজাই ৰাখিবলৈ অতি শীঘ্ৰে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায় ৷ লগতে ঘটনাত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অঞ্চলটোত শান্তি স্থাপন কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনায় ৷

সঞ্জয় ৰংহাঙৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী ডিএছইউৰ

ইয়াৰোপৰি জিলাখনৰ সচেতন নাগৰিক, সমাজকৰ্মী, ছাত্ৰ সংগঠন আৰু মহিলা সংগঠনসমূহক অঞ্চলটোত সক্ৰিয় হৈ থকা ডিএনএলএ উগ্ৰপন্থীৰ সমস্যা সমাধানৰ বাবে এক শান্তিপূৰ্ণ আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাবলৈ অনুৰোধ জনায় ৷ আনহাতে উগ্ৰপন্থী সংগঠন ডিএনএলএক শান্তিপূৰ্ণভাবে আলোচনাৰ মেজলৈ আনিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ডিএছইউৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক:কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া

ABOUT THE AUTHOR

...view details