ডিফু, 29 জুন : কৰ'ণাৰ দ্বিতীয়টো ঢৌত সমগ্ৰ ৰাজ্যখনতে পুনৰ এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইফালে কৰ'ণা প্ৰতিৰোধ কৰিবলৈ চৰকাৰে লকডাউন, চেনিটাইজেচন (Sanitation), ক'ভিড চিকিৎসালয়কে আদি কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে ৷ সমান্তৰালকৈ অন্যান্য জিলাসমূহৰ দৰে পাহাৰিয়া জিলা কাৰ্বি আংলঙতো ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ জিলাখনত যাতে কৰ'ণা ৰোগ আৰু সংক্ৰমিত হ'ব নোৱাৰে তাৰ বাবে ক'ভিড প্ৰতিষেধকে ধৰি চেনেটাইজেশ্যনৰো (Sanitation) ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷
ঠিক একেদৰে ক’ডিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয় (Karbi Anglong Autonomous Council)ত এক চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণৰ উদ্যোগত পুৱা ১০:৩০ বজাৰ পৰা গ্ৰহণ কৰা এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত ছেনিটাইজেচন কাৰ্যসূচী ইয়াৰ পাছতেই পৰিষদৰ সচিবালয়ৰ বাহিৰে ভিতৰে সকলো কাৰ্যালয়তে চেনিটাইজেশ্যন কৰা হয় ৷ একেদৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডিফুৰ বাৰোৱাৰী মন্দিৰ প্ৰাংগণতো জ্যেষ্ঠ নাগৰিকসকলৰ মাজত চি ভিটামিন ঔষধ, হেণ্ড চেনিটাইজাৰ,মাক্স আদি বিতৰণ কৰে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ৷ এই অনুষ্ঠানত পৰিষদৰ পাৰিষদসকলেও অংশগ্ৰহণ কৰে ৷
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত ছেনিটাইজেচন কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শেহতীয়াকৈ প্ৰদান কৰা নিৰ্দেশমৰ্মে সমগ্ৰ জিলাতে প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ কৰ'ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অভিযান পূৰ্বতকৈও অধিক ব্যাপক আৰু তীব্রতৰ কৰি তুলিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ।
ক'ভিড-১৯ ক পৰাভুত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি বৰ্ধিত টীকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে ।
লগতে পঢ়ক-এজাক বৰষুণতে খহি পৰিল বঙাইগাঁও শোধনাগাৰৰ দেৱাল