অসম

assam

By

Published : Oct 31, 2020, 4:52 PM IST

ETV Bharat / state

ডিফুত চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত বিজেপিৰ একতাৰ দৌৰ

ডিফুত চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত বিজেপিৰ একতাৰ দৌৰ ৷ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ আৰু সাধাৰণ সম্পাদক অজিত দে'ৰ নেতৃত্বত বিজেপিৰ কৰ্মকৰ্তাসকলে একতাৰ দৌৰত অংশগ্ৰহণ কৰে ৷

বিজেপিৰ কৰ্মকৰ্তাৰ একতাৰ দৌৰ
ডিফুত চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত বিজেপিৰ একতাৰ দৌৰ

ডিফু, 31 অক্টোবৰ :প্ৰতি বছৰৰ দৰে এইবছৰো সমগ্ৰ দেশৰ লগতে অসমতো লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 145 সংখ্যক জন্ম বাৰ্ষিকীত নেতাগৰাকীক সুঁৱৰি একতাৰ দৌৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ বিজেপিৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচীৰ ৷ শনিবাৰে দোকমোকালিতেই কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ আৰু সাধাৰণ সম্পাদক অজিত দে'ৰ নেতৃত্বত বিজেপিৰ কৰ্মকৰ্তাসকলে একতাৰ দৌৰত অংশগ্ৰহণ কৰে ৷

ডিফুত চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত বিজেপিৰ একতাৰ দৌৰ

একতাৰ দৌৰত অংশগ্ৰহণকাৰী সকলে ডিফুস্থিত বিজেপিৰ কাৰ্যালয় চৌহদৰ পৰা ডিফু চহৰ পৰিভ্ৰমণ কৰি জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহ পথ হৈ পুনৰ বিজেপি কাৰ্যালয়লৈ ঘূৰি আহে ৷ পিছত সাংবাদিকৰ আগত বিজেপিৰ জিলা সভাপতি ধনছিং টেৰণ আৰু সাধাৰণ সম্পাদক অজিত দে'ই স্বাধীনতা সংগ্ৰামী নেতা লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জীৱনৰ ওপৰত এক আলোকপাত কৰে ৷ চৰ্দাৰ বল্লভ ভাই পেটলে স্বাধীনতা সংগ্ৰামত লোৱা বলিষ্ঠ ভূমিকা আৰু সৱল নেতৃত্ব নৱ প্ৰজন্মৰ আদৰ্শস্বৰূপ বুলি নেতাদ্বয়ে মন্তব্য কৰে ৷

শনিবাৰৰ একতাৰ দৌৰত প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙ, বিজেপিৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক মধুৰাম লেকথে, কাৰ্যালয় সম্পাদক জয়চিং ৰংফাৰ, মনোজ টেৰণ, ৱাৰ্ড কমিচনাৰ ছিমন ফাংচ', জিলা বিজেপিৰ প্ৰচাৰ বিভাগৰ আহ্বায়ক বিদ্যাচিং ৰংপিৰ লগতে বিজেপিৰ অন্যান্য গণ্যমান্য নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details