ডিফু, 20 জানুৱাৰীঃডিফুতশান্তি প্ৰতিষ্ঠাৰ নামত বলি বিধানেৰে পূজা-অৰ্চ্চনা কৰিছে এচাম লোকে ৷ পৰম্পৰাৰ দোহাই দি চহৰখনৰ মাজমজিয়াত জীৱ বলিৰে সম্পন্ন কৰিছে দেৱতাৰ আৰাধনা ৷
শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত ডিফুত সম্পন্ন ৰংকেৰ পূজা ! - অপায়-অমংগল দূৰ কৰিবলৈ ডিফুত ৰংকেৰ পূজা সম্পন্ন
জন বিশ্বাস অনুসৰি, চহৰখনৰ 5 খন থান ডিফু, ইংলংকিৰি, ইংলং কেহাই আৰু ধৰম থানত ৰংকেৰ পূজা কৰি প্ৰভু হেম্ফু মুক্ৰাং ৰাচিংজাৰ নামত ছাগলী, বগা কুকুৰা আৰু ৰঙা কুকুৰা উচ্ছৰ্গা কৰিলে গাঁৱৰ অপায়- অমংগল, বাধা-বিঘিনি আদিৰ প্ৰতিকাৰ হয় ৷
দৰাচলতে,ডিফু চহৰৰ অপায়-অমংগল দূৰ কৰাৰ স্বাৰ্থত সোমবাৰে কাৰ্বি লোকসকলে সম্পন্ন কৰে পৰম্পৰাগত ৰংকেৰ পূজা ৷ গ্ৰেটাৰ বাজাৰ কমিটি আৰু ডিফু বজাৰ ৰংকেৰ পূজা সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ৰংকেৰ পূজা সম্পন্ন কৰে ৷ জন বিশ্বাস মতে, চহৰখনৰ 5 খন থান ডিফু, ইংলংকিৰি, ইংলং কেহাই আৰু ধৰম থানত ৰংকেৰ পূজা কৰি প্ৰভু হেম্ফু মুক্ৰাং ৰাচিংজাৰ নামত ছাগলী, বগা কুকুৰা আৰু ৰঙা কুকুৰা উচ্ছৰ্গা কৰিলে গাঁৱৰ অপায়- অমংগল, বাধা-বিঘিনি আদিৰ প্ৰতিকাৰ হয় ৷
পূৰ্বতে জিলাখনৰ ডিফু অঞ্চলত এই পূজা সম্পন্ন হৈছিল যদিও বিগত 3 বছৰে জিলাখনৰ চহৰ অঞ্চললৈয়ো সম্প্ৰসাৰণ হৈছে এই পূজাৰ ৷