অসম

assam

ETV Bharat / state

সঞ্জয় ৰংফাৰৰ হত্যাকাণ্ডক গৰিহণা বিভিন্ন দল-সংগঠনৰ - সঞ্জয় ৰংফাৰৰ হত্যাকাণ্ডক গৰিহণা বিভিন্ন দল সংগঠনৰ

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ধনশিৰিৰ দাউজিফাঙত সঞ্জয় ৰংফাৰ নামৰ এজন লোকক দুষ্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ৷ জিলা আৰক্ষী প্ৰশাসনক শীঘ্ৰে ঘটনাত জড়িত সকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ভিন্ন সংগঠনে ৷

PRESS MEET
সঞ্জয় ৰংফাৰৰ হত্যাকাণ্ডক গৰিহণা

By

Published : May 20, 2021, 8:49 PM IST

ডিফু, ২০ মে':বুধবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ধনশিৰিৰ দাউজিফাঙত সঞ্জয় ৰংফাৰ নামৰ এজন লোকক দুষ্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ৷ বৃহস্পতিবাৰে ডিফুৰ ৰংখেলানস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত এক যৌথ সংবাদ মেলৰ আয়োজন কৰি কেএছএ, কেএফএ আৰু কেএছৱাইচিৰ শীৰ্ষ নেতৃবৰ্গই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দয়ে ৷

সঞ্জয় ৰংফাৰৰ হত্যাকাণ্ডক গৰিহণা

সংবাদমেলত কেএছএৰ সভাপতি থানচিং তিমুঙে আৰু কেএফএৰ সভাপতি টিংকু ইংতি কাথাৰে কয় যে ধনশিৰিৰ ঘটনা অতি নিন্দনীয় ৷ বহুবছৰ ধৰি কাৰ্বি আংলঙত এক শান্তিময় পৰিৱেশ বিৰাজ কৰি থকাৰ পিছত যোৱা কিছুদিন ধৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ধনশিৰিত সন্দেহযুক্ত উগ্ৰপন্থীয়ে মানুহ হত্যা কৰি অশান্তিৰ পৰিৱেশ ৰচনা কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে নেতাসকলে ।

সঞ্জয় ৰংফাৰ ডিমাচা আৰু কাৰ্বি সম্প্ৰদায় উভয়কে প্ৰতিনিধিত্ব কৰিছিল ৷ তেনে পৰিপ্ৰেক্ষিতত সঞ্জয় ৰংফাৰক গুলীয়াই হত্যা কৰা কাণ্ডই সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে সংগঠনৰ বিষয়ববীয়াসকলে ৷

সেয়ে জিলা আৰক্ষী প্ৰশাসনক শীঘ্ৰে ঘটনাত জড়িত সকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে সংগঠনৰ নেতাসকলে ৷ ইয়াৰোপৰি যদিহে ঘটনাত কোনো উগ্ৰপন্থী সংগঠন জড়িত তেনেহ'লে সেই সংগঠনৰ অস্তিত্ব নোহোৱা কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক:ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস

ABOUT THE AUTHOR

...view details