অসম

assam

ETV Bharat / state

ডিফুত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ শুভাৰম্ভ - পথ সুৰক্ষাই জীৱন সুৰক্ষা

কাৰ্বি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ, ২০২১ পালন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ বুধবাৰে জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত ডিফু ক্লাৱত পথ সুৰক্ষা মাহৰ শুভাৰম্ভ কৰা হয় ৷

ডিফুত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ শুভাৰম্ভ
ডিফুত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ শুভাৰম্ভ

By

Published : Jan 20, 2021, 9:06 PM IST

কাৰ্বি আংলং ,২০ জানুৱাৰী:সমগ্ৰ ভাৰতৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহ, ২০২১ পালন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ এই উপলক্ষে বুধবাৰে জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত ডিফু ক্লাৱত পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰা হয় ৷ আৰম্ভণিৰ কাৰ্যসূচী হিচাপে পুৱাৰ ভাগত "বুলছ অফ আছাম"ৰ জৰিয়তে ডিফুৰ পৰা মাঞ্জালৈ মটৰ চাইকেল ৰেলী উলিওৱা হয় ।

জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ আৰু পৰিবণ বিষয়া হৰিমোহন শইকীয়া আৰু এনফৰ্চমেণ্ট বিষয়া সকলৰ উদ্যোগত জিলা অতিৰিক্ত আৰক্ষী বিষয়া ইন্দ্ৰনীল বৰুৱাই বাইক ৰেলীৰ শুভাৰম্ভ কৰে ৷ এই সন্দৰ্ভত জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, ভাৰতৰ পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে "পথ সুৰক্ষাই জীৱন সুৰক্ষা"ক বিষয় হিচাপে লৈ মাহজোৰা পথ সুৰক্ষা কাৰ্যসূচী পালন কৰা হ'ব, লগতে সমাজৰ সৰ্বস্তৰতে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা গঢ়ি তোলা হ'ব ৷

ইয়াৰোপৰি সৰ্বস্তৰৰ সজাগতাৰ বাবে অংগনৱাড়ী কৰ্মী সকলকো নিয়োগ কৰা হ'ব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ৷ পৰিবহন বিষয়া গৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে কৰ'না মহামাৰীৰ মাজতে ২০২০ ইংৰাজী বৰ্ষটোত পাহাৰীয়া জিলাখনত মুঠ ৮৫ টা পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাত ৫৩ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৪৯ গৰাকী লোক আহত হয় ৷ এনে দূৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে মটৰ চাইকেল আৰোহী সকলৰ বাবে হেলমেট অতি জৰুৰী বুলিও জনায় বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক :দৰঙত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আৰম্ভ

ABOUT THE AUTHOR

...view details