অসম

assam

ETV Bharat / state

ডিফুত পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা

ডিফুত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ সজাগতা সভা । দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই পথ সুৰক্ষা মাহৰ সজাগতা সভা ।

ডিফুত পথ সুৰক্ষা মাহৰ সজাগতা সভা
ডিফুত পথ সুৰক্ষা মাহৰ সজাগতা সভা

By

Published : Jan 25, 2021, 6:46 PM IST

ডিফু, ২৫ জানুৱাৰী: পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে ৰাইজক যান-বাহন আইনৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । সোমবাৰে ডিফু ক্লাৱত পথ সুৰক্ষা সজাগতামূলক সভা অনুষ্ঠিত হয় । জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ আৰু কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে আঁত ধৰে এই সভাৰ । কৰ'ণাৰ সময়ত COVIDত আক্ৰান্ত হৈ ১৫ জন লোকৰ প্ৰাণ হানি হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ৫৩ জন লোকৰ মৃত্যু হোৱাটো চৰম উদ্বেগজনক বিষয় বুলি মন্তব্য কৰে সভাখনৰ মুখ্য অতিথি জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই । গাড়ী চালকসকলক পৰিবহন বিধিৰ পঞ্চসূত্ৰৰ বিস্তৃত বাখ্যাৰ লগতে যানবাহন নিয়ম মানি চলি গাড়ী চলাবলৈ পৰামৰ্শ আগবঢ়ায় সভাত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ।

পথ সুৰক্ষা মাহৰ সজাগতা সভা

আনহাতে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে নিজৰ ভাষণ প্ৰসংগত মহাভাৰতৰ প্ৰসংগৰে চালকসকলক অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণৰ সৈতে তুলনা কৰে । এজন চালকে নিজকে এগৰাকী দক্ষ চালক হিচাপে গৌৰৱ অনুভৱ কৰিব লাগে যিহেতু চালকজনেই সকলোৰে ঘৰত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে বুলি এইদৰে কয় বিষয়াগৰাকীয়ে ।

পথ সুৰক্ষা মাহৰ সজাগতা সভা

এই অনুষ্ঠানত ক্ৰমে, বাছ চালকদ্বয় ফৰিজউদ্দিন তালুকদাৰ আৰু মঞ্জিত দাস, ট্ৰাক চালক লিভিং তিমুঙ, টেক্সি চালক মিংথান সিনহা আৰু অট'চালক উমেশ সিনহা আৰু মৃণাল কান্তি পালক শ্ৰেষ্ঠ ট্ৰফী আৰু মানপত্ৰৰে সন্মান প্ৰদান কৰাৰ লগতে বাছ, ট্ৰাক আৰু টেক্সি চালকক কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থাৰ তৰফৰ পৰা একলাখ টকা বীমা আগবঢ়োৱা হয় ৷

ডিফুত পথ সুৰক্ষা মাহৰ সজাগতা সভা

আনহাতে পথ সুৰক্ষা মাহ উপলক্ষে জিলা পৰিবহন বিভাগে আয়োজন কৰা মাৰাথান দৌৰ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ীসকলক পুৰষ্কৃত কৰা হয় । এমভিআই এইছ শইকীয়া, জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙ, সাংবাদিক সঞ্জু বৰা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিবহন বিভাগৰ অভিযন্তা প্ৰশান্ত গগৈ প্ৰমুখ্য কৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকি সজাগতা সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক:অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

ABOUT THE AUTHOR

...view details