অসম

assam

ETV Bharat / state

ডিফুত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ প্ৰতিবাদ আৱদ্ধ শ-শ যান-বাহন - ডিফুত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ প্ৰতিবাদত পথতে আৱদ্ধ শ-শ যান-বাহন

ৰাজ্যত অব্যাহত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ ৷ ডিফুত পথ অৱৰোধ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰন্ধন কৰ্মীয়ে ৷

ডিফুত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ প্ৰতিবাদত পথতে আৱদ্ধ শ-শ যান-বাহন

By

Published : Nov 10, 2019, 11:43 PM IST

ডিফু, 10 নৱেম্বৰঃ ৰাজ্যত অব্যাহত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ প্ৰতিবাদ ৷ ডিফুত পথ অৱৰোধ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ ৰন্ধন কৰ্মীৰ ৷ চৰকাৰে মধ্যাহ্ন ভোজনৰ খাদ্যৰ দায়িত্ব বিভিন্ন NGO ক প্ৰদান কৰাৰ পিছৰে পৰা ৰন্ধন কৰ্মীসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷

ডিফুত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ প্ৰতিবাদত পথতে আৱদ্ধ শ-শ যান-বাহন

অৱশ্যে কাৰ্বি-আংলং জিলাত বৰ্তমানলৈকে মধ্যাহ্ন ভোজনৰ দায়িত্ব কোনো বেচৰকাৰী সংস্থাক দিয়া হোৱা নাই যদিও চৰকাৰে গ্ৰহণ কৰা এনে সম্ভাব্য পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৰান্ধন কৰ্মীসকলে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ৰন্ধন কৰ্মীসকলে ডিফু-মাঞ্জা সংযোগী পথ অৱৰোধ কৰাত শতাধিক যান-বাহন আৱদ্ধ হৈ দীৰ্ঘ সময় ধৰি পথটোৰে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰে ৷

আৰু পঢ়কঃ ভু-লুণ্ঠিত মানৱতা!! পথৰ দাঁতিত পেলাই থৈ গ’ল মৃত নৱজাতক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details