অসম

assam

By

Published : Jun 6, 2021, 3:53 PM IST

ETV Bharat / state

ডকমকাত ট্ৰাক-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত নিহত এজন

কাৰ্বি আংলং জিলাৰ ডকমকাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় এজন লোক ৷ ট্ৰাক আৰু ডাম্পাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

road-accident-in-dokmoka
ডকমকাত ট্ৰাক-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত নিহত এজন

ডিফু, ৬ জুন: কাৰ্বি আংলং জিলাৰ ডকমকাত শনিবাৰে বিয়লি সংঘটিত হোৱা এক শোকাৱহ পথ দূৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে বিয়লি ডিফুৰ পৰা নগাঁৱৰ দিশে গৈ থকা এএছ ০৯ চি ৫০৮৩ নম্বৰৰ ট্ৰাকখনে ডকমকা পেট্ৰল পাম্পৰ সমীপতে বিপৰীত দিশৰ পৰা আহি থকা এখন নম্বৰ প্লেটবিহীন ডাম্পাৰ গাড়ীত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয় ৷

দূৰ্ঘটনাটোত অতি গুৰুতৰভাৱে আহত হোৱা চালক গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হয় যদিও আধা বাটতে চালকজনৰ মৃত্যু হয় ৷ নিহত চালকজন হোজাই জিলাৰ গোপাল নগৰৰ মাৰুক উদ্দিন (২২) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে ডাম্পাৰখনৰ চালক কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ কেশৱ দাস (২৫) দূৰ্ঘটনাটোত সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক: চিৰাঙত প্ৰকৃতিৰ বিনন্দীয়া ৰূপ...

ABOUT THE AUTHOR

...view details