ডিফু, ১৩ আগষ্টঃবৃহস্পতিবাৰে পুৱাই বকলীয়াঘাট বজাৰত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ গুৱাহাটী অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে বকলীয়াঘাটৰ যুৱ ব্যৱসায়ী স্বপন ৰয় নামৰ লোকজনৰ বাইকত প্ৰচণ্ড খুণ্ডা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ উক্ত দুৰ্ঘটনাত ঠিতাতে নিহত হয় স্বপন ৰয় নামৰ লোকজন ৷
বকলীয়াঘাটত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - Road accident at bakaliaghat : one died
বকলীয়াঘাটত পথ দুৰ্ঘটনাত নিহত হয় এজন লোক ৷ তীব্ৰ গতিৰে অহা ট্ৰাক এখনে বাইক আৰোহী এজনক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷
তাৰোপৰি তীব্ৰ গতিৰে অহা ট্ৰাকখনে প্ৰায় এক কিল'মিটাৰ চোচৰাই নিয়ে তপনৰ বাইকখন ৷ ৩৬ নং ঘাইপথটোত চালকৰ অতপালিৰ বাবেই ইতিমধ্যে বহুলোকে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লবলগা হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰে যদিও উত্তৰ বৰবিল আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে ট্ৰাকখন ৷ ইতিমধ্যে বকলীয়াঘাট আৰক্ষীয়ে দুৰ্ঘটনাত নিহত হোৱা লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ নিয়াৰ যো-জা কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক-ৰাজ্যত এতিয়াও বানত প্ৰভাৱিত হৈ আছে ১৪ হাজাৰতকৈ অধিক লোক