ডিফু,২১ মাৰ্চ:কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ কপিলী পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত অ-জনজাতীয় সদস্য পৱন কুমাৰ ৰায়ৰ সদস্য পদৰ বৈধতা সন্দৰ্ভত ধনছিং ডেৰা নামৰ এজন লোকে চলাই থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ কেইবাটাও সংগঠনে ।
উল্লেখ্য যে, ডেৰাই যোৱা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত অংশগ্ৰহণ কৰাৰ পিছতে কপিলীৰ পাৰিষদ পৱন কুমাৰ ৰায়ৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি পৱন কুমাৰ ৰায়ৰ বিৰুদ্ধে বিচাৰাধীন অবস্থাত থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছিল । অৱশ্যে পৰিষদৰ আন দুগৰাকী অ-জনজাতীয় নিৰ্বাচিত সদস্যৰ বিৰুদ্ধে থকা একে গোচৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছিল । ন-বিজেপিগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে শনিবাৰে এক সংবাদমেল আয়োজন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজনৈতিক দল এপিএইচএলচিয়ে ।
ডিফুৰ জিলা প্ৰেছ ক্লাৱত সংবাদমেলৰ আয়োজন কৰি দলটোৰ মুখপাত্ৰ আংতং ইংতিয়ে কয় যে সকলো ফালৰ পৰা পিছপৰা জিলাখনৰ পাৰ্বত্য জনজাতিৰ লোকসকলৰ উন্নতিৰ বাবে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পিছতো তুলিৰাম ৰংহাং নেতৃত্বাধীন স্বায়ত্ত্বশাসিত পৰিষদে তিনিজনকৈ অ-জনজাতীয় লোকক পৰিষদলৈ নিৰ্বাচিত কৰি অনা কাৰ্যই জিলাখনৰ জনজাতীয় লোকসকলক ক্ষুন্ন কৰি তুলিছে । পৰিষদ কৰ্তৃপক্ষই ইয়াৰ পিছতো পুনৰ আন কেইবাগৰাকীও অজনজাতীয় লোকক পুনৰ পৰিষদৰ মনোনীত সদস্য হিচাপে নিৰ্বাচিত কৰি অনা বুলি মুখপাত্ৰ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে ।