ডিফু, ৩ মাৰ্চ:তৃতীয়বাৰৰ বাবে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পৰা চিপিআই(এমএল) কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হৈছে ৰবি কুমাৰ ফাংচ' আৰু প্ৰতিমা ইংহিপী (Ravi Kumar Phanso to CPI ML Central Committee) ৷ যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা চিপিআই(এমএল)ৰ ১১ সংখ্যক মহা অধিৱেশনত (11th Maha Sabha of CPI ML) নিৰ্বাচিত হৈছে নেতা দুগৰাকী ৷
শুকুৰবাৰে এই সন্দৰ্ভত ডিফুস্থিত চিপিআই(এমএল)হিলছ পাৰ্টিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন (CPI ML press meet) কৰি চিপিআই(এমএল) হিলছ পাৰ্টিৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচ'ৱে কয় যে মহা অধিৱেশনখনৰ ১৫ ফেব্ৰুৱাৰীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ মহাৰেলীত 'গণতন্ত্ৰ বাচাও, দেশ বাচাও' থীম হিচাপে লৈ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এক লাখ লোকৰ সমাগম ঘটিছিল ৷ ইয়াৰ লগতে এই ৰেলীত ২০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ৷ চিপিআই(এমএল) হিলছ পাৰ্টিৰ পৰা ৫২ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ৷
এই অনুষ্ঠানত দেশ-বিদেশৰ অতিথিৰ উপস্থিতিত বামপন্থী, গণতান্ত্ৰিক শক্তি, নেতা-সংগঠন সমূহে শাসনাধিষ্ঠ বিজেপিৰ ফেচীবাদী শক্তিক ঐক্যৱদ্ধভাৱে নিৰ্মূল কৰাৰ বাবে ঐক্যমত পোষণ কৰিছে ৷ ইউক্ৰেইন, নেপাল আৰু বাংলাদেশৰ পৰাও প্ৰতিনিধিয়ে উক্ত ৰেলীত অংশগ্ৰহণ কৰিছিল ৷ ১৮ ফেব্ৰুৱাৰীত জেডিইউ,আৰজেডি, চিপিআই, চিপিএম, ফৰৱাৰ্ড ব্লক আৰএছপি আৰু কংগ্ৰেছকে ধৰি ৮ টা দলৰ এক চেমিনাৰ অনুষ্ঠিত হয় ৷ উক্ত চেমিনাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ যাদৱ, উপমুখ্যমন্ত্ৰী তেজশ্বী যাদৱ, কংগ্ৰেছী নেতা ছলমান খুৰশিদৰ উপস্থিতিত 'মহা জোঁটবন্ধন ' গঠন কৰা হয় বুলি জানিবলৈ দিয়ে ফাংচ'ৱে ৷