ডিফু, 29 মে’ :ডিফুৰ সাতমাইলৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত ইকবাল হুছেইনক উদ্দেশ্যি গুলীচালনা(Encounter at Diphu) ডিফু আৰক্ষীৰ ৷ শনিবাৰে নিশা ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা চিকিৎসাধীন অৱস্থাতে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল অভিযুক্ত ইকবালে ৷ জানিব পৰা মতে, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল(DMCH) ৰ শৌচাগাৰৰ ভেণ্টিলেটৰৰ খিৰিকীয়েদি পলায়ন কৰিছিল ইকবাল হুছেইনে ৷
ইয়াকে লৈ দেওবাৰে পুৱাৰে পৰা ডিফুত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ অৱশেষত ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ইকবালক ধনশিৰি-নাগালেণ্ড সীমান্তত খোজকাঢ়ি গৈ থকা প্ৰত্যক্ষ কৰি ৰ’বলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু আৰক্ষীৰ নিৰ্দেশ শুনাৰ পৰিৱৰ্তে উপ-পৰিদৰ্শক নিপুল আহমেদক আক্ৰমণ কৰি পুনৰ পলাবলৈ চেষ্টা কৰে নাবালিকা ধৰ্ষণকাৰীটোৱে ৷