অসম

assam

ড৹ নগেন শইকীয়ালৈ ৰংবং তেৰাং সমন্বয় বঁটা

By

Published : Jan 12, 2020, 10:33 PM IST

বিশিষ্ট লেখক,সাংবাদিক ড৹ নগেন শইকীয়ালৈ ৰংবং তেৰাং সমন্বয় বঁটা"৷ দেওবাৰে  বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আনুষ্ঠানিকভাবে প্ৰদান কৰে এই বঁটা ৷

ডিফু
ড৹ নগেন শইকীয়ালৈ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

ডিফু, ১২ জানুৱাৰীঃ বিশিষ্ট লেখক, সাংবাদিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক বকলিয়াঘাট চিংথুৰ প্ৰকাশনে প্ৰদান কৰা "ৰংবং তেৰাং সমন্বয় বঁটা" ৷ দেওবাৰে বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আনুষ্ঠানিকভাবে প্ৰদান কৰে এই বঁটা ৷

বঁটা গ্ৰহণ অনুষ্ঠানৰ ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে আগবঢ়োৱা ভাষণত সাহিত্যিক গৰাকীয়ে সাহিত্য সভাৰ দায়িত্বত থকা অৱস্থাত সাহিত্যিক ৰংবং তেৰাং আৰু ছেমছিং হাঞ্চেৰ সৈতে থকা স্মৃতি ৰোমন্থন কৰে ৷

ড৹ নগেন শইকীয়ালৈ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

আনহাতে, অসমীয়া জাতিসত্বা গঠন প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি সাহিত্যিক গৰাকীয়ে অনাগত দিনত সকলো জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ মাজেৰে অসমীয়া জাতি সত্বাক ঐক্যবদ্ধ কৰি ৰখাৰ বাবে মত পোষণ কৰে ৷

ড৹ নগেন শইকীয়ালৈ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

তাৰোপৰি পদ্মশ্ৰী ৰংবং তেৰাঙে নিজ হাতেৰে ড৹ নগেন শইকীয়ীক এই বঁটা প্ৰদান কৰা বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে নিজৰ বাসগৃহত সাহিত্যিক গৰাকীক আদৰিবলৈ পাই বৰ্ণণাতীত সুখ লাভ কৰা বুলি মন্তব্য কৰে ৷ লগতে অনুষ্ঠানত ৰংবং তেৰাঙৰ বাস্তৱ ভিত্তিক উপন্যাস "উৰুখা পঁজাৰ কাব্য" আৰু ভবেন কোঁচৰ "শিলভেটাৰ চকুলোঁ" উপৰিও আন দুখন গ্ৰন্থ উন্মোচন কৰে ৷

আৰু পঢ়কঃ আমেৰিকাৰ আক্ৰমণ, ইৰাণৰ দীঘলীয়া ছায়া যুদ্ধ

ABOUT THE AUTHOR

...view details