ডিফু,1 মাৰ্চঃকেইবাটাও সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী কাৰ্বি তনয়াই ৷ তেওঁ হ'ল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেচ ৱাকিং খেলুৱৈ পখিলা ইংতিপি ৷ দুচকুত অলেখ সপোনৰ দৃঢ়তাৰে ১৯৯৭ চনত বাৰ বছৰ বয়সতে কাৰ্বি আংলঙৰ কাকতি ৰংহাং গাঁৱৰ পৰা ওলাই আহিছিল গুৱাহাটী অভিমুখে ৷ লক্ষ্য আছিল নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া গ’ল্ড কাপ মাৰাথনত অংশগ্ৰহণৰ ৷ আৰ্থিক অনাতনেৰে জুৰুলা পখিলাৰ পৰিয়ালে সেই সময়ত তাইক যোগাৰ কৰি দিব পৰা নাছিল প্ৰতিযোগিতাত অংশগ্ৰহণৰ পোছাকযোৰো ৷ তথাপিও পিচ হুহকি যোৱা নাছিল নিজ লক্ষ্যত দৃঢ় পখিলা ৷ পৱন বাগলাৰী আৰু চিকাৰী ইংহিনামৰ দুই প্ৰশিক্ষকৰ পোছাক পিন্ধিয়েই নামি পৰিছিল খেল পথাৰত ৷ যদিও এইখন প্ৰতিযোগিতাত পখিলাই বিশেষ সুনাম অৰ্জন কৰিব পৰা নাছিল, তথাপিও ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ ক্ৰীড়া জীৱন ৷ সেই সময়ত ডিফু চহৰৰ নাম কৰা দুগৰাকী এথলিট পৱন বাগলাৰী আৰু চিকাৰী ইংহিৰ পৰা অনুপ্ৰাণিত হৈছিল পখিলা ৷ পৰিয়ালটো আৰ্থিকভাৱে ইমানেই দুৰ্বল আছিল যে, ডিফু চহৰত শাক পাচলি বিক্ৰী কৰিও জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছিল পখিলাই ৷ পিতৃৰ অনুমতি অবিহনেই খেলৰ পৃথিৱীখনত নিজকে নিমজ্জিত কৰিছিল এইগৰাকী খেলুৱৈয়ে ৷
এগৰাকী কাৰ্বি তনয়াৰ বিশ্বমুখী যাত্ৰা
আৰ্থিক দৈন্যতাৰ বাবে ডিফু চহৰত শাক পাচলি বিক্ৰী কৰিও জীৱন সংগ্ৰাম কৰিছিল বৰ্তমানৰ এগৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে ৷ কাৰ্বি আংলঙৰ এখন পিচপৰা গাঁৱৰ পখিলা ইংতিপি নামৰ এইগৰাকী কাৰ্বি তনয়াই বিভিন্ন সময়ত অসমলৈ কঢ়িয়াই আনিছে সুনাম ৷ কিন্তু নিজ ঠাইখনৰ বাহিৰে আজিও প্ৰচাৰ বিমুখ ৰেচ ৱাকিং খেলুৱৈ পখিলা ইংতিপি ৷
প্ৰথমখন খেলৰ পিচতেই সেই বৰ্ষতে অনুষ্ঠিতআন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপত ভাগ লৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল পখিলাই ৷ তাৰ পৰৱৰ্তী সময়ত ১৯৯৯ চনতইন্টাৰ ছাব এছ’চিয়েচন এথলেটিকছ মীটত অংশগ্ৰহণ কৰি দুটাকৈ সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় খেলুৱৈ গৰাকীয়ে ৷ সেই বৰ্ষতে অনুষ্ঠিত আন এখন প্ৰতিযোগিতাত ভাগ লৈয়ো এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে তেওঁ ৷ কিন্তু এক দুৰ্ঘটনাত আঘাত পাই দুবছৰলৈ ক্ৰীড়া জগতৰ পৰা আঁতৰি আছিল এই খেলুৱৈ গৰাকী ৷ ২০০৫ চনত অনুষ্ঠিত ৰাজ্যিক ৰেচ ৱাকিং প্ৰতিযোগিতাত আগতকৈ আধিক উৎসাহেৰে ভাগ লৈ পদক লাভ কৰিছিল পখিলাই ৷ 2018 চনত পখিলাই চণ্ডীগড়ত অনুষ্ঠিত নেশ্যনেল মাষ্টাৰ্ছ গেমছত লাভ কৰিছিল তিনিটাকৈ সোণৰ পদক ৷ ২০১৯ চনটো তেওঁ নেশ্যনেল মাষ্টাৰ্ছ গেমছত এটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰে ৷ মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছত তেওঁ লাভ কৰিছিল এটা স্বৰ্ণ আৰু দুটাকৈ ব্ৰঞ্জৰ পদক ৷ ইটালীৰ টৰিন’ত অনুষ্ঠিত ইউৰোপীয়ান মাষ্টাৰ গেমছত ব্ৰঞ্জৰ পদক আৰু গুজৰাটৰ বদোদৰাত অনুষ্ঠিতনেশ্যনেল মাষ্টাৰ্ছ গেমছত স্বৰ্ণ পদক লাভ কৰিবলৈয়ো সক্ষম হৈছে খেলুৱৈ গৰাকীয়ে ৷
উল্লেখ্য যে, আজিলৈ অসম চৰকাৰৰ কোনো সহায় পোৱা নাই এইগৰাকী খেৱুলৈয়ে ৷ মালয়েছিয়াত খিতাপ জয়ৰ পিচতেই কাৰ্বি স্বায়ত্ব পৰিষদে পাঁচ লাখ টকাৰ সন্মান আগবঢ়াইছিল খেৱুৱৈ গৰাকীক ৷ লগতে বিভিন্ন সময়ত তেওঁক সহায়ৰ হাত আগবঢ়াইছিল এগৰাকী উচ্চ পদস্থ বিষয়াই ৷ নিজৰ একান্ত প্ৰচেষ্টাত বৰ্তমান পখিলা বন বিভাগত কৰ্মৰত এগৰাকী বনৰক্ষী ৷ কেৱল নিজ ঠাইখনতে প্ৰচাৰ লাভ কৰা পখিলাৰ বৰ্তমানৰ লক্ষ্য ২০২১ চনত জাপানত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণৰ ৷