অসম

assam

ETV Bharat / state

ডিফুত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন কৰা হৈছে ৷ "পথ সুৰক্ষাই জীৱন সুৰক্ষা" ৰ থীম হিচাপে লৈ বুধবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

By

Published : Jan 27, 2021, 9:17 PM IST

Updated : Jan 27, 2021, 9:48 PM IST

PWD ORGANISE ROAD SAFETY MONTH
ডিফুত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা

ডিফু, ২৭ জানুৱাৰী: ১৮ জানুৱাৰী ২০২০ৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ১৭ ফেব্ৰুৱাৰীত অন্ত পৰিব ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন কৰা হৈছে ৷

"পথ সুৰক্ষাই জীৱন সুৰক্ষা" ৰ থীম হিচাপে লৈ বুধবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ বিজেপি কাৰ্যালয়ৰ সন্মূখত পি ডব্লিউডি ডিফু পথ সংমণ্ডলৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সন্মানীয় অতিথি হিচাপে সাংসদ হৰেণছিং বে, জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, প্ৰমুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

ডিফুত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা

সভাৰ আৰম্ভণিতেই অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা পবন তেৰাঙ (ইএপি) য়ে আদৰণি ভাষণত পথ দুৰ্ঘটনা সন্দৰ্ভত দেশ তথা ৰাজ্যৰ সামগ্ৰিক পৰিসংখ্যা দাঙি ধৰে ৷ তেওঁ তথ্যত ৰাজ্যৰ পথ দুৰ্ঘটনাৰ উদ্বেগজনক হাৰটো স্পষ্ট হৈ পৰে ৷

পবন তেৰাঙে ডাঙি ধৰা তথ্য অনুসৰি, অসমত মুঠ পথৰ দৈৰ্ঘ্য 57,617 কিলোমিটাৰ ৷ ইয়াৰে ৰাষ্ট্ৰীয় ঘাইপথত 3900 কিলোমিটাৰ, ৰাজ্যিক ঘাইপথত 3059 কিলোমিটাৰ, মেগা জিলাত 4360 কিলোমিটাৰ, নগৰীয়া পথ আছে 1701 কিলোমিটাৰ আৰু গ্ৰাম্য পথ আছে মুঠ 44,597 কিলোমিটাৰ ৷

আৰক্ষী, চিআইডি আৰু পি ডব্লিউ ডি বিভাগে আগবঢ়োৱা পৰিসংখ্যা অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথত 2018 ইং, বৰ্ষত 3963 ,2019 ত 3988, টা পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে, 2018 বৰ্ষত 1541জন আৰু 2019ত 1619জন লোকৰ মৃত্যু হৈছে ৷ পিডব্লিউডি বিভাগে যুগুতোৱা প্ৰতিবেদন মতে 2018 ইং, বৰ্ষত 2111, 2019ত 2102 টা পথ দূৰ্ঘটনা আৰু 2018ত 681টজন 2019ত 659 জনৰ মৃত্যু হৈছে ৷ সকলো ধৰণৰ পথত 2019ত 1'6% দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ আনহাতে ভাৰতৰ ঘাইপথ মন্ত্ৰালয়ে আগবঢ়োৱা তথ্য অনুসৰি ভাৰতত মুঠ 1,51417জনৰ মৃত্যু হৈছে যিটো সমগ্ৰ বিশ্বৰ 11 শতাংংশ ৷ সমগ্ৰ বিশ্বত মুঠ 2018 বৰ্ষত 13'5 লাখ পথ দূৰ্ঘটনা হৈছে ৷ তাৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম ৷ অসমত মুঠ 2966 টা পথ দূৰ্ঘটনাৰে 2 শতাংশ স্থান অধিকাৰ কৰি আছে ৷ইয়াৰে মাজুলিত সৰ্বনিম্ন 3টা, আৰু শোণিতপুৰ জিলাত সৰ্বোচ্চ 116 টা, আৰু কাৰবি আংলঙত 62 টা আৰু পশ্চিম কাৰবি আংলঙত 13 টা পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি মুখ্য অভিযন্তা গৰাকীয়ে জানিবলৈ দিছে ৷

ডিফুত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা সভা

মুখ্য অতিথিৰ ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পথ সমূহ যিমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে দুৰ্ঘটনা সিমানেই বৃদ্ধি পাইছে ৷ সেয়ে সংশ্লিষ্ট বিভাগে পথ সমূহত পৰ্যাপ্ত স্পীড ব্ৰেকাৰ লগোৱাৰ পোষকতা কৰি মন্তব্য আগবঢ়ায় ৷

সাংসদ হৰেণছিং বে'ই নিজৰ ভাষণ প্ৰসংগত পথ সমূহৰ অৱস্থা যিমানেই ভাল সিমানেই সচেতনতা হ্ৰাস হোৱাৰ বাবে দুৰ্ঘটনা বৃদ্ধি পাইছে বুলি ভাষ্য আগবঢ়ায় ৷

লগতে পঢ়ক:কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস‍্যৰ পৰিয়ালৰ ধৰ্ণা

Last Updated : Jan 27, 2021, 9:48 PM IST

ABOUT THE AUTHOR

...view details