কাৰ্বি আংলঙত জাৰ্মান প্ৰযুক্তিৰ ব্য়ৱহাৰৰে নিৰ্মাণ হ'ব পথ
৯০৩৭.১৫ লাখ টকা ব্যয় সাপেক্ষে অত্যাধুনিক জাৰ্মান প্ৰযুক্তিৰ ব্য়ৱহাৰৰে কাৰ্বি আংলঙত পথ নিৰ্মাণৰ শুভাৰম্ভণি গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷
ডিফু, 15 চেপ্তেম্বৰঃ কাৰ্বি আংলঙৰ লাংহিনত জাৰ্মান প্ৰযুক্তিৰ আৰ্হিত পথ নিৰ্মাণৰ শুভাৰম্ভণি গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কোমল আৰু পথ নিৰ্মাণৰ বাবে অনুপযোগী মাটিত অৱস্থিত এই পথ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ এই ক্ষেত্ৰত ছমাহৰ ভিতৰত পৰীক্ষামূলকভাৱে ৰাষ্ট্ৰীয় ঘাই পথছোৱা নিৰ্মাণ কৰি সুফল পালে ৰাজ্যৰ অন্যান্য ঠাইতো একেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় ৯০৩৭.১৫ লাখ টকা ব্যয় সাপেক্ষে ৫৫.৩৮২ কিলোমিটাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ,সাংসদ হৰেণছিং বেৰ উপৰিও পৰিষদৰ কেইবাজনো কাৰ্যবাহী সদস্য ৷