ডিফু,১৫ মে': বিগত ১৭ এপ্ৰিলৰ পৰা অসম-মেঘালয় সীমান্তত খাছি দুৰ্বৃত্তই পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰলৈ সোমাই আহি অসমবাসীক অত্যাচাৰ কৰাৰ লগতে বিগত চাৰিদিন ধৰি সীমান্তত চলাই থকা খাছি দুৰ্বৃত্তৰ তাণ্ডৱ প্ৰতিৰোধ কৰাৰ লগতে সীমান্তত বাস কৰা অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত সোমবাৰে কাৰ্বি ছাত্ৰ সন্থাই ডিফুস্তিত কেন্দ্ৰীয় কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Protest in Diphu) ।
সংবাদ মাধ্যমৰ আগত ছাত্ৰ সংগঠনটোৰ নেতাসকলে কয় যে, মেঘালয় চৰকাৰৰ প্ৰৰোচনাত অসমৰ ভিতৰলৈ সোমাই আহি সীমান্তৰ অসমবাসীক আক্ৰমণ কৰা ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছো । কাৰ্বি মানুহৰ সম্পত্তি, অসমৰ সম্পত্তি তেওঁলোকে ধ্বংস কৰিছে । ইমানতে ক্ষান্ত নোহোৱা খাছি দুৰ্বৃত্তই সীমান্তৰ অসমবাসীক আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰা বুলিও সংগঠনটোৰ উল্লেখ কৰে (Assam-Meghalaya border demands security) ।
খাছি দুৰ্বৃত্তৰ এনে আক্ৰমণৰ ফলত সীমান্তত বাস কৰা অসমবাসীয়ে এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভোগা বুলিও সংগঠনটোৱে দাবী কৰে । সংগঠনটোৱে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক এই সমস্যা শীঘ্ৰে সমধা কৰিবলৈ দাবী জনোৱা লগতে সীমান্তৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তোলে (Assam-Meghalaya border issue) ।