ডিফু, ২৪ আগষ্টঃ সোমবাৰে বোকাজান বিলাতী মাটি কাৰখানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই । উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই বিগত বহু যুগ ধৰি থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিয়েই বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠন দুটাই ৷
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে কাৰাখানা কৰ্তৃপক্ষই ৯ জন বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়া চক্ৰান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বোকাজানৰ বহু দল সংগঠনে ৷ কিন্তু ষড়যন্ত্ৰমূলক ভাবে চিমেণ্ট কাৰখানা কৰ্তৃপক্ষই ৯ জন যুৱকক প্ৰশিক্ষণৰ নামত নিযুক্তি প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ তুলে সংগঠন কেইটাই । দিল্লীত অধিস্থিত মুখ্য পৰিচালন সঞ্চালকৰ আঙুলিৰ মূৰত উঠা বহা কৰা কাৰখানাৰ মহাপ্ৰবন্ধক আৰু মুখ্য পৰিচালন সঞ্চালকৰ নিৰ্দেশতেই বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে অভিযোগ তুলি সংগঠন দুটাই প্ৰতিবাদ সাব্যস্ত কৰে ।