অসম

assam

ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীত শক্তি খণ্ডৰ কৰ্মীৰ প্ৰতিবাদ

ডিফুস্থিত অসম শক্তি বিতৰণ কেন্দ্ৰ পৰিসীমিত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অসম শক্তি খণ্ডৰ অস্থায়ী কৰ্মীসকলে ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত এনেদৰে পুৱা 9 বজাৰ পৰা এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত ধৰ্ণা শক্তি খণ্ডৰ কৰ্মীৰ

By

Published : Aug 6, 2019, 7:03 PM IST

ডিফু, 6 আগষ্ট : অসম শক্তি খণ্ডৰ (এপিডিচিএল/এপিজিচিএল আৰু এইজিচিএল) অস্থায়ী কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাৰ ডিফু আঞ্চলিক সমিতিয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা 9 বজাৰ পৰা 5 বজালৈ ডিফুস্থিত অসম শক্তি বিতৰণ কেন্দ্ৰ পৰিসীমিত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদকাৰী সকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত ধৰ্ণা শক্তি খণ্ডৰ কৰ্মীৰ

শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ কৰাৰ আহ্বান প্ৰতিবাদকাৰী সকলৰ ৷ অন্যথা এই দাবী মানি নল'লে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাই 9 আগষ্টত বিজুলী ভৱন ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পাছতো কোনো ফলাফল নাপালে সন্থাই জংগী আন্দোলন আৰম্ভ কৰিব বুলিও হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

...view details