অসম

assam

ETV Bharat / state

ডিফুত 'কা' আৰু EIA-২০২০ৰ খচৰা বাতিলৰ আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

"কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাতিধ্বংসী আইন 'কা' অসমবাসীৰ ওপৰত জাপি দিব বিচাৰিছে, যিটো অসমীয়াৰ বাবে দূৰ্ভাগ্য জনক ৷ সেয়ে এই আইন বাতিল কৰাৰ লগতে EIA-2020 ৰ জৰিয়তে বনজ সম্পদৰ ধ্বংস কৰাহে হ'ব ৷ লগতে এয়া প্ৰযোজ্য হলে উত্তৰ- পূৰ্বাঞ্চলৰ বনজ সম্পদৰ ওপৰত অধিক কু প্ৰভাৱ পৰিব, সেয়ে EIA বাতিল হব লাগে ৷" জিতু ফুকন

protest againts CAA and EIA-2020 at diphu
ডিফুত 'কা' আৰু EIA-২০২০ৰ খচৰা বাতিলৰ আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

By

Published : Aug 17, 2020, 6:46 PM IST

ডিফু, ১৭আগষ্ট : নাগৰিকত্ব সংশোধনী আইন আৰু ই আই এ ২০২০ৰ খচৰা বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সোমবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ জননায়ক ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিফু আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । মানৱ শৃংখল কাৰ্যসূচীত ছাত্ৰ সংগঠনৰ ভালেসংখ্যক ছাত্ৰকৰ্মীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন আদি লৈ, " কা আমি নামানো, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হিটলাৰী শাসন নচলিব, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, কা আন্দোলনকাৰীক বিনা চৰ্তে মুক্তি দিয়ক, হিমন্ত বিশ্ব শৰ্মাৰ দালালি নচলিব, বনজ সম্পদ ধ্বংস হোৱা আইন EIA-2020 বাতিল কৰক, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা এজেৱাইচিপিৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে সাংবাদিকৰ আগতে কয় যে, "কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাতিধ্বংসী আইন 'কা' অসমবাসীৰ ওপৰত জাপি দিব বিচাৰিছে, যিটো অসমীয়াৰ বাবে দূৰ্ভাগ্যজনক ৷ সেয়ে এই আইন বাতিল কৰাৰ লগতে EIA-2020 ৰ জৰিয়তে বনজ সম্পদৰ ধ্বংস কৰাহে হ'ব ৷ লগতে এয়া প্ৰযোজ্য হলে উত্তৰ- পূৰ্বাঞ্চলৰ বনজ সম্পদৰ ওপৰত অধিক কু প্ৰভাৱ পৰিব, সেয়ে EIA বাতিল হ'ব লাগে ৷ "

ডিফুত 'কা' আৰু EIA-২০২০ৰ খচৰা বাতিলৰ আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

আনহাতে দুখীয়া, দৰিদ্ৰৰ পক্ষত থিয় দি মাত মাতি অহা কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে দীৰ্ঘদিনলৈ ৰাজ্য চৰকাৰে বন্দী কৰি থৈছে বুলি অভিযোগ কৰে নেতা গৰাকীয়ে ৷ সেয়ে তেওঁক বিনাচৰ্তে মুকলি কৰি দিব লাগে বুলিও দাবী জনায় ৷ জাতি, মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত জননায়ক উপাধি লৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে খিলঞ্জীয়াৰ বিপৰীতে সিদ্ধান্ত ল'লে ৰাইজে তেওঁক জননায়কৰ পৰা খলনায়কলৈ পৰিণত কৰিব বুলি মন্তব্য কৰে এ জে ৱাই চি পিৰ শীৰ্ষ নেতা জনে ৷ আজিৰ কাৰ্যসূচীত ক্ৰমে এ জে ৱাই চি পিৰ ডিফু আঞ্চলিকৰ সভাপতি, সম্পাদক ক্ৰমে, ৰাতুল দত্ত, কৃষ্ণ শৰ্মা, আৰু উপ সভাপতি নিপেন জ্যোতি বৰাৰ লগতে বিভিন্ন সদস্যই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : আনলক্ থ্ৰী: ডিমা হাছাওত চৰকাৰী নিয়ম উলংঘা

ABOUT THE AUTHOR

...view details