অসম

assam

ETV Bharat / state

Manipur viral video: মণিপুৰ কাণ্ডৰ বিৰুদ্ধে ডিফুত এপিএইছএলচিৰ ধৰ্ণা - protest against manipur sexual harassment in diphu

মণিপুৰত কুকি মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাতনৰ বিৰুদ্ধে ডিফুত এপিএইছএলচিৰ তিনি ঘণ্টীয়া ধৰ্ণা । ডিফুৰ ছেমছনচিং টেৰণ মেম'ৰিয়েল পাৰ্কত তিনি ঘণ্টীয়া ধৰ্ণা ।

Protest against Manipur violence
ডিফুত এপিএইছএলচিৰ তিনি ঘণ্টীয়া ধৰ্ণা

By

Published : Jul 22, 2023, 7:37 PM IST

ডিফুত এপিএইছএলচিৰ তিনি ঘণ্টীয়া ধৰ্ণা

ডিফু, ২২ জুলাই :অশান্তজৰ্জৰ মণিপুৰত শেহতীয়াকৈ দুগৰাকীকৈ কুকি মহিলাক পাশৱিকভাৱে নগ্ন অৱস্থাত সমদল কৰি লৈ যোৱা কাৰ্যকলৈ বিশ্বজুৰি তোলপাৰ হৈ থকাৰ সময়তে আজি পুৱা ডিফুত কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচি দলে এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰৰ নেতৃত্বত পাঁচ শতাধিক কাৰ্বি আৰু কুকি সমৰ্থকে ডিফুৰ ছেমছনচিং টেৰণ মেম'ৰিয়েল পাৰ্কত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদিলৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ এই সন্দৰ্ভত এপিএইছএলচি সভাপতি জে আই কাথাৰে কয় যে মণিপুৰত শেহতীয়ীকৈ দুই কুকি মহিলাক নগ্ন কৰি এদল পাশৱিক মানসিকতাৰ লোকে সমদল কৰাই নিয়া কাৰ্যই বিশ্ববাসীৰ ওচৰত ভাৰতক লজ্জানত কৰিছে ৷ এই কাৰ্য তীব্ৰ গৰিহণাৰযোগ্য ৷ মণিপুৰত চলি থকা অৰাজকতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেদেখা কুলিৰ ভাও জুৰি দুমাহ ধৰি মৌন হৈ থকাটো গ্ৰহণযোগ্য নহয় ৷

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা মণিপুৰক শান্ত কৰাৰ বাবে মণিপুৰলৈ গৈছিল যদিও তেওঁলোক মণিপুৰৰ পৰা ঘূৰি অহাৰ পিচত মণিপুৰত অধিক হিংসা হ'বলৈ ধৰিছে ৷ মণিপুৰত ইণ্ডিয়ান মংগোলীয়ানসকলৰ মাজত সংঘাত সৃষ্টি কৰি মংগোলীয়ান সকলক নিঃশেষ কৰাৰ বাবে কোনোবাই বা আৰএছএছ আৰু বংগ সেনাই ষড়যন্ত্ৰ কৰিছে বুলি এপিএইছএলছি দলে সন্দেহ কৰা বুলি কয় জেআই কাথাৰে ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙকো সমগ্ৰ ঘটনা দুমাহ ধৰি প্ৰত্যক্ষ কৰিও মৌন হৈ থকাটো ৰহস্যজনক বুলি কয় কাথাৰে ৷ মণিপুৰত হিংসাত নিহত,আহত পৰিয়াল,সম্পত্তি নষ্ট,গীৰ্জা স্কুল আদিৰ ক্ষতিপূৰণৰ বাবে আৰু পুনৰ সংস্থাপনৰ বাবে যথেষ্ট পূঁজি আৱণ্টন দিবলৈও চৰকাক দাবী জনায় জেআই কাথাৰে ৷

লগতে পঢ়ক:CM vigilence team operation : মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুই চৰকাৰী বিষয়া

ABOUT THE AUTHOR

...view details