ডিফু, ২৮ অক্টোবৰ :ডবকা-ডিমাপুৰ সংযোগী পথৰ দুয়োকাষে চলোৱা উচ্ছেদৰ বিৰুদ্ধে বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ এলেকাৰ স্থানীয় লোকে ৷ ডবকা-ডিমাপুৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম সম্প্ৰতি যুদ্ধকালীন তৎপৰতাৰে আগবঢ়াই নিয়াৰ বিপৰীতে পথছোৱা নির্মাণৰ নামত স্থানীয় কর্তৃপক্ষৰ কেতবোৰ কর্মকাণ্ডই স্থানীয় লোকসকলৰ মাজত এতিয়া তীব্ৰ ক্ষোভৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।
এই পথছোৱা সম্প্ৰসাৰণৰ বাবে বুধবাৰে পুৱাৰে পৰা কাৰ্বি আংলং জিলাৰ ডকমকা, ডেনগাঁও, পাৰখোৱা আদি অঞ্চলত প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলোৱা হয় । এই উচ্ছেদ অভিযানৰ নামত সংশ্লিষ্ট কর্তৃপক্ষই অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে স্থানীয় লোকসকল ক্ষুদ্ধ হৈ পৰে । নিৰাপত্তা বাহিনীৰ এক বৃহৎ দল লগত লৈ চলোৱা এই উচ্ছেদ অভিযানৰ সময়ত বুধবাৰে সন্ধিয়া পাৰখোৱা এলেকাত স্থানীয় লোকৰ সৈতে উচ্ছেদকাৰী দলৰ মাজত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ।
ইয়াৰ পিছতে উচ্ছেদ অভিযান চলোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষই অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উৎত্থাপন কৰি বৃহস্পতিবাৰে পাৰখোৱা বজাৰৰ উচ্ছেদিত এলেকাত স্থানীয় লোক একত্ৰিত হৈ ব্যাপক প্ৰতিবাদী কার্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে'কার্ড প্ৰদর্শন কৰি ক্ষুব্ধ লোকসকলৰ উচ্ছেদৰ পূৰ্বে উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে এইক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাক লৈও ক্ষুব্ধ হৈ পৰে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি ২৬ অক্টোবৰত পাৰখোৱা এলেকাৰ পথৰ এটা ফালৰ লোকসকলৰ নাম ৩ (ডি) তালিকাত প্ৰকাশ পাইছিল । যথেষ্ট ক্রূটিপূর্ণ এই তালিকাত একাংশ লোকৰ নাম অন্তর্ভুক্ত নোহোৱাৰ বিপৰীতে আন একাংশৰ নাম তথ্য আদি ভুলকৈ প্ৰকাশ পায় । এই ভুলসমুহৰ শুধৰণিৰ বাবে হিতাধিকাৰীসকলক সময় দিয়াৰ প্ৰয়োজন আছিল যদিও তালিকা প্ৰকাশ পোৱাৰ পিছদিনাই এইসকল লোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰা হৈছে ।