অসম

assam

By

Published : Jan 17, 2023, 9:45 PM IST

ETV Bharat / state

Prizemoney Marathon race: প্ৰাইজমনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰে ডিফুত পথ সুৰক্ষা সপ্তাহৰ সামৰণি

ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি পোৱা দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰিবলৈ যোৱা ১১ জানুৱাৰীৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ২০২৩ (Road Safety Week 2023) ৷ প্ৰাইজমনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজন কৰা পথ সুৰক্ষা সপ্তাহ ২০২৩ মঙলবাৰে সফলভাৱে সামৰণি পৰে (Road Safety Week 2023 at Diphu) ৷

Prizemoney Marathon race
প্ৰাইজমনি মাৰাথান দৌৰ প্ৰতিযোগিতাৰে পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সামৰণি

প্ৰাইজমনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰে ডিফুত পথ সুৰক্ষা সপ্তাহৰ সামৰণি

ডিফু, ১৭ জানুৱাৰী: অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে 'স্বচ্ছতা পখৱাড়া'ক থীম হিচাপে লৈ যোৱা ১১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি পালন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ২০২৩ (Road Safety Week 2023) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজন কৰা পথ সুৰক্ষা সপ্তাহ ২০২৩ মঙলবাৰে সফলভাৱে সামৰণি পৰে (Road Safety Week 2023 at Diphu) ৷ কাৰ্বি আংলং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি পথ সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ পিছতেই আজি ডিফু উপায়ুক্ত কাৰ্যালয়ৰ(Diphu DC Office) পৰা ডিফু -লামডিং পথৰ পাঁচ কিলোমিটাৰলৈকে যুৱক যুৱতী উভয়ৰে মাজত প্ৰাইজমনি মাৰাথন দৌৰ প্ৰতিযোগিতা (Prizemoney Marathon Race) অনুষ্ঠিত কৰা হয় ৷

মঙলবাৰে পুৱাতেই ডিফুৰ উপায়ুক্ত কাৰ্যালয়ত সমবেত হোৱা প্ৰতিযোগীসকলৰ প্ৰাইজমনি মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ছাইফুদুল্লাহ খান আৰু জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙে (District Forest Officer Rilip Ranghang) ৷ যুৱক যুৱতী উভয়ৰে প্ৰায় ৮৫ গৰাকী প্ৰতিযোগীয়ে মাৰাথন দৌৰত অংশগ্ৰহণ (85 participants joined in marathon race) কৰি যুৱকৰ মুঠ ১০ কিলোমিটাৰ আৰু যুৱতীৰ বাবে মুঠ ৫ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতা সম্পন্ন কৰে ৷ মাৰাথন দৌৰৰ বিজয়ী সকলৰ যুৱক-যুৱতীৰ উভয় শাখাত ক্ৰমে দিনেশ কুমাৰ, বিপুল সৎনামী, তেজ বাহাদুৰ থাপা, ৰিংকি কুমাৰী, কাজিৰ মিলিকপী আৰু লক্ষ্মী বে'পীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

আনহাতে এই উপলক্ষে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত পথ সুৰক্ষা সপ্তাহৰ অনুষ্ঠানৰ আঁত ধৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে (DTO Bikramaditya Gogoi) ৷ অনুষ্ঠানটোত জিলাখনৰ বিশিষ্ট খেলুৱৈ পখিলা ইংতিপী, মঙলছিং হাঞ্চে, চিকাৰী ইংহি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্চ গেমচৰ খেলুৱৈ চন্দ্ৰছিং টেৰণ আৰু ৰুমিলা তেৰাংপীক জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷ উভয় শাখাৰ মাৰাথন প্ৰাইজমনি প্ৰতিযোগিতাত বিজয়ী সকলক নগদ ধন আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয় (closing ceremony of Road Safety Week 2023) ৷

উক্ত অনুষ্ঠানত ক্ৰমে, জিলা আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে জিলা পথ সুৰক্ষা সমিতিৰ বিষয়া-কৰ্মীসকল উপস্থিত থাকে ৷ সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে কয় যে পথ সুৰক্ষা সপ্তাহ উপলক্ষে জিলাখনত বৃদ্ধি পাই অহা দুৰ্ঘটনা হ্ৰাস কৰিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে (District Road Safety Samiti) জিলাখনৰ বিভিন্ন স্থানত বাইক ৰেলী, সজাগতা সভা, বাটৰ নাট, চালক-পৰিচালক সকলৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিবিৰ, পোষ্টাৰিং আৰু বেনাৰিঙেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:Shilpi Divas Observes: বাৰপূজীয়াত শিল্পী দিৱস পালন

ABOUT THE AUTHOR

...view details