অসম

assam

ETV Bharat / state

Karbi peace accord বিৰোধ কৰা জে আই কাথাৰক কোনে দিলে মানসিক ৰোগীৰ আখ্যা ? - Karbi extreamist group

শান্তি চুক্তি স্বাক্ষৰকাৰী ছয় সংগঠনৰ ডিফুত যৌথ সংবাদমেল ৷ শান্তি চুক্তিৰ বিৰোধিতা কৰা এপিএইছএলচি সভাপতি জে আই কাথাৰক মানসিক ৰোগী আখ্যা কেএনএলএফৰ নেতা ৰেজাক দেৰাইৰ ৷

press-meet-on-karbi-peace-accord
Karbi peace accord বিৰোধ কৰা জে আই কাথাৰক কোনে বুলিলে মানসিক ৰোগী ?

By

Published : Sep 7, 2021, 8:13 PM IST

ডিফু, ৭ ছেপ্তেম্বৰ : নতুন দিল্লীত যোৱা ৪ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ আলোচনাপন্থী ৬ উগ্ৰপন্থী সংগঠনেৰে স্বাক্ষৰিত হোৱা শান্তিচুক্তিৰ স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠন সমূহে মঙলবাৰে ডিফুৰ কাছা ষ্টেডিয়ামৰ কনফাৰেন্স হলত এক যুটীয়া সংবাদ মেলৰ আয়োজন কৰে ৷ উল্লেখযোগ্য যে, চুক্তি স্বাক্ষৰ হোৱা দিনৰে পৰা জিলাখনৰ একাংশ দল-সংগঠনে চুক্তিখনকলৈ বিৰোধিতা কৰা কাৰ্যক লৈ চুক্তি স্বাক্ষৰকাৰী সকলে উদ্বেগ প্ৰকাশ কৰিছে ৷

চুক্তিক লৈ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰৰ স্থিতিকলৈ কঠোৰ সমালোচনা কৰে চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গই ৷ চুক্তি স্বাক্ষৰকাৰী কেএনএলএফৰ অধ্যক্ষ পি দিলীয়ে চুক্তি স্বাক্ষৰ কৰি ওভতি অহাৰ পথত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে কাৰ্বি আংলংবাসী ৰাইজৰ পৰা পোৱা গভীৰ শ্ৰদ্ধা আৰু আদৰণিৰ বাবে তেওঁ মুগ্ধ বুলি কয় ৷ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়েই চুক্তিখন স্বাক্ষৰিত কৰা হৈছে বুলি তেওঁ কয় ৷

ডিফুৰ সংবাদ মেল

পি দিলীয়ে লগতে কয়, চুক্তিখনৰ জৰিয়তে সৰ্বদিশত উন্নয়ন সাধনৰ লগতে জিলাখনত স্থায়ী শান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে চুক্তি কৰা হৈছে ৷ চুক্তিখনৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণৰ বাবে চুক্তি স্বাক্ষৰকাৰী ছয়টাকৈ দল সদায় সচেষ্ট থাকিব বুলি কোৱাৰ লগতে চৰকাৰকো এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে ৷ আনহাতে, ৰাজনৈতিক স্বাৰ্থ লাভৰ বাবে চুক্তিখনক লৈ একাংশ সংগঠনক ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় কেএনএলএফৰ অধ্যক্ষ গৰাকীয়ে ৷

Karbi peace accord বিৰোধ কৰা জে আই কাথাৰক কোনে সজালে মানসিক ৰোগী ?

আনহাতে, শান্তি-চুক্তিক লৈ জিলাখনৰ বিৰোধী ৰাজনৈতিক দল এপিএইছএলচিৰ সভাপতি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া জন ইংতি কাথাৰে পূৰ্বৰে পৰা তুমুল বিতৰ্কৰ সৃষ্টি কৰি অহা বুলি অভিযোগ কৰিছে কেএনএলএফৰ আন এগৰাকী নেতা ৰেজাক দেৰাই ৷ ৰেজাক দেৰাই জে আই কাথাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি জে আই কাথাৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত ৰোগী আখ্যা দি তেওঁক মানসিক চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাৰ পৰামৰ্শ দিয়ে ৷ ইয়াৰোপৰি শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহক লৈ বৰ্তমানে কোনো ৰাজনৈতিক দল গঠনৰ কোনো চিন্তা চৰ্চা কৰা নাই বুলিও মন্তব্য কৰে দেৰাই ৷

লগতে পঢ়ক :ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

ABOUT THE AUTHOR

...view details