ডিফু, ১৯ অক্টোবৰ : আৰ টি আই কৰ্মী মোহন ৰংপিক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি ৷ ১২ অক্টোবৰত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰূপে নিযুক্তি পোৱাৰ পিছতে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ডিফুস্থিত কাৰ্যালয়ত মোহন ৰংপি আৰু জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল টেৰণে এক সংবাদমেল সম্বোধন কৰে ৷ উল্লেখ্য যে আৰ টি আই কৰ্মী মোহন ৰংপি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদত বিভিন্ন সময়ত সংঘটিত হোৱা বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৷
মোহন ৰংপি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্ত হোৱাৰ পিছতে বৃহস্পতিবাৰে পুনৰ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বজন-তোষণেৰে পৰিষদৰ ঠিকা-ঠুকলি পৰিয়ালৰ লোকক দিয়াৰ অভিযোগ কৰে ৷ তেওঁ কয় যে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক কাৰ্বি আংলঙলৈ আহি উন্নয়নৰ গংগা চাবলৈ আহ্বান জনাইছিল ৷ দেবব্ৰত শইকীয়াই পথ নিৰ্মাণৰ নামত ১০০ কোটি টকাৰ কেলেংকাৰী, স্বজন-তোষণ হোৱা বুলি কৰা অভিযোগ মিছা বুলি কৈ তেওঁক কাৰ্বি আংলঙ চাবলৈ আহিবলৈ কৈছিল তুলিৰাম ৰংহাঙে ৷