ডিফু, 13 জুলাই :কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বৰজানত কৰা হ’ব দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ সৌৰশক্তি প্ৰকল্প ৷ চাৰি হেজাৰ কোটি টকৰে স্থাপন হ’ব এই সৌৰশক্তি প্ৰকল্প ৷ ইতিমধ্যে কাৰ্বি-আংলং স্বায়ত্ত্বশাসিত পৰিষদে এই বৃহৎ সৌৰশক্তি প্ৰকল্পটোৰ বাবে 18,000 বিঘা মাটি এ পি ডি চি এলক প্ৰদান কৰিছে ৷
প্ৰথম অৱস্থাত লাংকাইজান এলেকাত মাটি দিয়াৰ কথা আছিল যদিও বিভিন্ন সংগঠনৰ বিৰোধিতাৰ ফলত অসম-নাগালেণ্ড সীমান্তৰ বৰজানত এই প্ৰকল্পৰ বাবে দিয়া হৈছে মাটি ৷ কিন্ত এই 1000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব লগা সৌৰশক্তি প্ৰকল্পটোৰ বিৰোধিতা কৰিছে ৰাজনৈতিক সংগঠন জইন্ট কঅৰ্ডিনেশ্বন কমিটি ফৰ প্ৰটেক অট’নমি নামৰ সংগঠনটোৱে ৷ বুধবাৰে ডিফু জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ আহবায়ক খৰছিং টেৰণ , সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে এই বৃহৎ প্ৰকল্পটোৰ বিৰোধিতা কৰে ৷
লগতে পঢ়ক :KAAC eviction drive at lankaijan:কাৰ্বি আংলং সীমান্তৱৰ্তী লাংকাইজান এলেকাত উচ্ছেদ অভিযান