ডিফু, ১৭ জানুৱাৰী : বুধবাৰে কাৰ্বি আংলঙৰ বোকাজানত অনুষ্ঠিত হ’ব পূৱ কাৰ্বি আংলং বিজেপি জনজাতি মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা (ST Morcha Executive meeting at Bokajan)৷ বোকাজানৰ স্পৰ্টচ কমপ্লেক্সত(Bokajan Sports Complex) অনুষ্ঠিব হ’বলগীয়া কাৰ্যনিৰ্বাহক সভাখনৰ পূৰ্বে মঙলবাৰে বিয়লি কাৰ্বি আংলং বিজেপিৰ ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ বিষয়ববীয়াই ৷
সংবাদমেলখনত ভাৰতীয় জনতা পাৰ্টি, অসমৰ জনজাতি মৰ্চাৰ সম্পাদক লংচিং টকবীয়ে (BJP ST Morcha Secretary Longsing Tokbi ) অংশগ্ৰহণ কৰি বুধবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় কাৰ্যনিৰ্বাহক সভাখনৰ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায় ৷ জনজাতি মৰ্চাৰ সম্পাদকগৰাকীয়ে সদৰী কৰা অনুসৰি ১৮ জানুৱাৰীত বোকাজান স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’ব পূৱ কাৰ্বি আংলং বিজেপিৰ জনজাতি মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা (ST Morcha second executive meeting)৷
উক্ত সভাত পূব কাৰ্বি আংলং বিজেপিৰ জনজাতি মৰ্চাৰ কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াৰ লগতে ১৭ টা মণ্ডলৰ সভাপতি আৰু সম্পাদকৰ লগতে অনান্য সদস্যসকলে অংশগ্ৰহণ কৰিব ৷ বোকাজান, সৰুপথাৰ আৰু বৰজান মণ্ডল কাৰ্যালয়ৰ সমূহ বিষয়ববীয়া উপস্থিত থকাৰ লগতে বাকী মণ্ডলসমূহৰ পৰা ছয়জনকৈ নেতা-কৰ্মী উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে লংচিং টকবীয়ে ৷