ডিফু, 22 মাৰ্চ: অহা 23 মাৰ্চৰ দিনা ভাৰতীয় সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪ (ক) অনুসৰি এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীলৈ 'কাধাচডিকম', কেএছএকে ধৰি আন কেইবাটাও দল-সংগঠনে দিল্লীলৈ যাব ধৰ্ণা কাৰ্যসূচীৰ বাবে ৷ এই কাৰ্যক সামাজিক মাধ্যমত পিকনিক খাবলৈ আৰু ফটো উঠিবলৈ যোৱা বুলি এপিএইছএলচি নেতা খৰছিং তিমুঙে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে কাৰ ছাত্ৰ সন্থা চমুকৈ কেএছএৰ (ইংলংফ') গোটৰ সভাপতি থানছিং তিমুং ৷ আজি ডিফুৰ ৰংথিয়াংস্থিত কেএছএৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল আয়োজন কৰি এপিইএইছএলচি দলৰ নেতা খৰছিং তিমুঙৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কেএছএই (KSA Separate Autonomous State Demand) ৷
সংবাদ মাধ্যমৰ আগত কেএছএৰ সভাপতি থানছিং তিমুঙে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এপিইছএলচি দলৰ কেন্দ্ৰীয় নেতা খৰছিং তিমুঙে একো নভবা নিচিন্তাকৈ কাধাচডিকম আৰু কেএছএক আৰ এছএছ আৰু বিজেপিৰ এজেণ্ট আখ্যা দিয়া কাৰ্যক গৰিহণা দিয়ে ৷ কাধাচডিকমৰ নেতৃত্বত অহা ২৩ মাৰ্চত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ধৰ্ণা কাৰ্যসূচীক উপলুঙা কৰি কাধাচডিকম আৰু কেএছএই পিকনিক খাবলৈ আৰু ফটো তুলিবলৈ যোৱা বুলি কৰা মন্তব্যক চৰম বিভাজনকামী মন্তব্য আখ্যা দিয়ে কেএছএ সভাপতি গৰাকীয়ে ৷
এনে নেতিবাচক মন্তব্যই কাৰ্বিসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা কৰি তাৰ পৰা সৃষ্টি হোৱা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এপিএইছএলচি নেতা খৰচিং তিমুঙেই জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে (Press conference on Separate Autonomous State Demand) ৷