ডিফু, 29 আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাৰ্বি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষলৈ মাজত মাথো ছয়টা মাহ বাকী ৷ কাৰ্বি জনজাতিৰ হেঁপাহৰ উৎসৱটিৰ গৌৰৱোজ্জল বৰ্ষটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ উদ্যোক্তা সকলে ছমাহ পূৰ্বেই যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাইছে ৷
তাৰ মাজতেই 1974 চনৰ পৰা ঐতিহ্যমণ্ডিত কাৰ্বি ক্লাৱৰ পৰা আৰম্ভ হোৱা যুৱ মহোৎসৱটি ভ্ৰাম্যমান হিচাপে 1987 চনলৈকে বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল ৷ উক্ত ভ্ৰাম্যমান মহোৎসৱ কেইটাত জড়িত আৰু উত্থানত অৰিহনা যোগোৱা ব্যক্তি সকলক সম্বৰ্ধনা বা ইতিমধ্যে ইহ সংহাৰৰ পৰা চিৰ বিদায় লোৱাসকলৰ স্মৃতিচাৰণ কৰাৰ বাবে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷
অহা 9 ছেপ্তেম্বৰত কাৰ্বি ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে এই সম্বৰ্ধনা অনুষ্ঠানত এই ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ’ব ৷ সেয়েহে যি সকল ব্যক্তিক এই সম্বৰ্ধনা জনোৱা হ’ব সেইসকল লোকৰ তালিকা প্ৰস্তুক কৰি এই আয়োজিত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ লগতে যিসকল ব্যক্তিক এতিয়ালৈ তালিকাভুক্ত কৰা নাই সকলো ব্যক্তিক নিজাববীয়াকৈ এই সন্দৰ্ভত থকা অভ্যৰ্থনা সমিতিৰ ওচৰত অহা ৬ চেপ্তেম্বৰৰ ভিতৰত যোগাযোগ কৰিবলৈ অভ্যৰ্থনা সমিতিয়ে অনুৰোধ জনাইছে ৷