ডিফু, 11 জানুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যুব মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে প্ৰস্তুতি সম্পূর্ণ কৰি তোলা হৈছে ৷ আজি কাৰ্বি যুব মহোৎসৱস্থলীৰ কাৰ্বি পিপুলছ হলত এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু আদৰণি সমিতিৰ সম্পাদক ৰিচার্ড টকবি, পৰিষদৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুং, সূর্য ৰংফাৰ আৰু ৰিতেশ ইংতিয়ে ৷ সংবাদমেল যোগে চন্দ্ৰছিং ক্ৰ’ই কয় যে এইবাৰ 35টা মণ্ডলৰ পাঁচ হাজাৰতকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷ শিল্পীসকলক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে আদৰণি সমিতিয়ে ৷
এইবাৰ আমেৰিকাৰ কালচাৰেল ৰেজিষ্টেন্স নামৰ সংস্থা এটাই জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ তিনিগৰাকী পুৰোধা ব্যক্তিলৈ বঁটা আগবঢ়াব ৷ কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এই বঁটাৰ বাবে যুব মহোৎসৱৰ অন্যতম প্ৰতিষ্ঠাপক ৰয় ইংহি, কাৰ্বি লোক-সাহিত্যৰ গৱেষক লুঞ্চে তিমুং আৰু বিশিষ্ট গায়িকা পখিলা লেকথেপীলৈ এই সন্মান প্ৰদান কৰিবলৈ নাম মনোনীত কৰা বুলি প্ৰকাশ কৰি এই বঁটা 17 জানুৱাৰীত প্ৰদান কবা হ'ব বুলিও জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ পৰিষদৰ 30 টা বিভাগৰ জৰিয়তে তাৰালাংছ'ত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰি এইবাৰ সোণালী জয়ন্তী মহোৎসৱ বহুক্ষেত্ৰত ব্যতিক্ৰমী হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷