অসম

assam

ETV Bharat / state

Karbi Youth Festival : ন কইনাৰ ৰূপত কাৰ্বি পিপুলছ হল তাৰালাংছৰ বাকৰি - ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

১ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival) ৷ যাৰ বাবে ন-কইনাৰ ৰূপত সজাই পৰাই তোলা হৈছে কাৰ্বি পিপুলছ হল তাৰালাংছৰ বাকৰি ৷ এই মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব সুউচ্চ নথেংপি (প্ৰাসাদ)৷

Karbi Youth Festival
ন কইনাৰ ৰূপত কাৰ্বি পিপুলছ হল তাৰালাংছৰ বাকৰি

By

Published : Feb 26, 2022, 9:41 PM IST

ডিফু, ২৬ ফেব্ৰুৱাৰী :ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে কাৰ্বি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷ কিয়নো আহি আছে কাৰ্বি যুৱ মহোৎসৱ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি তথা অন্যতম জনজাতীয় কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্বি লোক-কৃষ্টি, সংস্কৃতিৰ অমিয় সুৱাস বিলাবলৈ ন-কইনাৰ দৰে সাজি কাচি ওলাইছে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তীৰ কাৰ্বি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি (Preparation for Karbi Youth Festival 2020 at Diphu) ৷

প্ৰতি বছৰৰ দৰে এই বছৰো বিগত ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰাৰ কথা আছিল এই অনুষ্ঠানৰ ৷ কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ(Karbi Youth Festival)ৰ সময় পিছুৱাই ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ নিৰ্দ্ধাৰণ কৰা হৈছে ৷ যাৰ বাবে এই মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে ৷

ন কইনাৰ ৰূপত কাৰ্বি পিপুলছ হল তাৰালাংছৰ বাকৰি

৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰ্বি জাতীয় জীৱনৰ সোপান আৰু ডেকা-গাভৰুৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ এই কাৰ্বি যুৱ মহোৎসৱ ৷

প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি ল’বলৈ উদগ্ৰীৱ হৈ পৰিছে ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপন সমিতি ৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশৰ মাজতে মন পৰশা উতলা ফাগুণৰ সেমেকা বতাহত তাৰলাংচৰ বাকৰিত উদ্ভাসিত হ'ব কাৰ্বি পৰাম্পৰাগত লোক-কৃষ্টি সংস্কৃতিৰ অমিয় সুবাস ৷ জিলাখনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি-সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তাসকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :শিৱসাগৰৰ শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন

৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে (আচেথাই) মঞ্চসমূহ বিভিন্ন আলোক সজ্জা আৰু ৰঙ-তুলিকাৰে ন-কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷

এইবাৰ যুৱ মহোৎসৱটিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰ্বি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰ্বি নথেংপি (স্থায়ী প্ৰাসাদ) ৷ বৃহত্তৰ এলেকাজুৰি শিশু সকলৰ বিনোদনৰ বাবে টয় ট্ৰেইন আৰু ইক' পাৰ্ক অন্যতম ৷ কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰই এক সাক্ষাৎকাৰত কয় যে, ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তা সকলে দিনে-নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷

প্ৰায় ১ কোটি ৫০ লাখ টকাৰ বাজেট লৈ উদযাপন কৰিবলগীয়া ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত এইবাৰ নিমন্ত্ৰিত বুদ্ধিজীৱি তথা অতিথিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ৷ অৰুণাচল, মেঘালয়, কাছাৰ, কামৰূপ, নগাঁও আদিৰ পৰা প্ৰায় ৫ সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে এক মায়া নগৰীলৈ ৰূপান্তৰিত হ’ব তাৰালাংচৰ বাকৰি ৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা এক কোটি টকাৰ অনুদান আগবঢ়াইছে বুলি উল্লেখ কৰে কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰই ৷

লগতে পঢ়ক :মানৱ সমাজে মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ গুৰুজনাই অমৰ বাণী দি গৈছে: সৰ্বানন্দ সোণোৱাল

লগতে তেওঁ কয় যে, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ ত্ৰিশটা বিভাগৰ কৰ্মচাৰী সকলৰ এদিনৰ বেছিক পে' মহোৎসৱলৈ প্ৰদান কৰিব ৷ কেচিএছৰ পূৰ্বৰ ২৫ টা জ'নেলৰ বিপৰীতে এইবাৰ ৩০টা জ'নেলে অংশ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে কেচিএছৰ সভাপতিগৰাকীয়ে ৷ যুৱ মহোৎসৱটিৰ উদ্ধোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব কেচিএছ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৷

উল্লেখ্য যে, ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে ৷ কাৰ্বি যুৱ মহোৎসৱৰ বাবে ইতিমধ্যে গ্ৰীক আৰ্হিত নিৰ্মিত লং মিৰ্জেং আচেথাই (মঞ্চ), চিং মিৰজেং আচেথাই, ছেমছনচিং আচেথাই (মঞ্চ)ও আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷

মাঞ্জালৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফালৰি কাটি ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱ থলীলৈ যাব লগীয়া ৪ লেনযুক্ত সমগ্ৰ পথছোৱাৰ বাবে বাবে সৌৰচাকী, ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হৈছে প্ৰশংসনীয় ৷ ইয়াৰোপৰি যাঁন-জট নিয়ন্ত্ৰণ কৰিবলৈ উদ্যোক্তাসকলে স্বেচ্ছাসেৱীসকলক উচিত প্ৰশিক্ষণ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Sankar Sangha Adhiveshan: দ্বিতীয় দিনাও হৰিনামেৰে মুখৰিত ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details