অসম

assam

ETV Bharat / state

Transportation problem in Karbi Anglong : বাৰিষালৈ বেছিদিন নাই, শংকিত কাৰ্বি আংলঙৰ ৰাইজ - Dangerous journey through river in Karbi Anglong

যোৱা বছৰে বাঢ়নী পানীয়ে উটুৱাই নিছিল নগাঁও-কাৰ্বি আংলং সংযোগী এখন দলং (Hanging bridge collapse in Karbi Anglong)। কিন্তু আজি পৰ্যন্ত দলংখন নিৰ্মাণৰ কোনো গুৰুত্ব নিদিলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ তথা অসম চৰকাৰে । যাৰবাবে বিপদসংকুলভাৱে নৈৰ পানী ফালিয়ে যাত্ৰা অব্যাহত ৰাখিছে কেইবাখনো গাঁৱৰ ৰাইজে ।

Transportation problem in Karbi Anglong
বাৰিষাৰ পূৰ্বে শংকিত কাৰ্বি আংলঙৰ ৰাইজ

By

Published : Mar 4, 2023, 9:14 PM IST

বাৰিষাৰ পূৰ্বে শংকিত কাৰ্বি আংলঙৰ ৰাইজ

কলিয়াবৰ,৪ মাৰ্চ :ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো প্ৰান্ততে উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে । কিন্তু সেই উন্নয়নে প্ৰতিটো অঞ্চল ঢুকি পাইছে নে ? কাৰ্বি আংলং জিলাৰ এটা দৃশ্য দেখিবলৈ আপুনিও আচৰিত হ'ব । কিয়নো দলং নোহোৱাৰ বাবে নৈৰ পানী ফালি নিতৌ শ শ লোকে যাত্ৰা কৰিবলগীয়া হৈছে । দলঙৰ অভাৱৰ বাবে খৰস্ৰোতা নৈৰ মাজেৰে ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীও পাৰ হ'বলগীয়া হৈছে (Poor transportation system in Karbi Anglong)। কিন্তু ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নাই জন প্ৰতিনিধিৰ ।

স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো এখন দলঙৰ বাবেই জীয়াতু ভুগিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ১০ খনকৈ গাঁৱৰ প্ৰায় দহ সহস্ৰাধিক বাসিন্দাই । দলঙৰ অভাৱৰ বাবেই বিপদসংকুলভাৱে খৰস্ৰোতা নদী পাৰ হৈছে ৰোগীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । কাৰণ তেওঁলোকৰ নদীখন ইপাৰ সিপাৰ হোৱাৰ বাবে নাই এখন উপযুক্ত দলং । এই সমস্যা নগাওঁ আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী চিলিম ইংতি গাঁৱৰ ।

উল্লেখ্য যে গাঁওখনৰ মাজেৰে বৈ গৈছে দেওপানী নদী । এই নদীখনৰ ওপৰত থকা এখন ওলোমা দলঙে কাৰ্বি আংলং আৰু নগাঁও জিলাক সংযোগ কৰি আছিল । আনকি দলংখনে সকলোৰে দৃষ্টি আৰ্কষণ কৰিও আহিছিল । দলংখনেৰে কাৰ্বি আংলং জিলাৰ ১০ খন গাঁৱৰ ৰাইজে ব্যৱসায়, শিক্ষাৰ লগতে চিকিৎসা সেৱাৰ বাবে সহজতে নগাওঁ জিলাৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিছিল । কিন্তু পাহাৰীয়া অঞ্চলটোত বাঢ়নী পানীয়ে যোৱা বছৰ ২৩ আগষ্টত উটুৱাই লৈ যায় ওলোমা দলংখন ।

তেতিয়াৰে পৰা পাহাৰীয়া জিলাখনৰ টক্‌বি গাঁও, লেক্‌টে গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে পাহাৰীয়া খৰস্ৰোতা নদীৰ পানী ফালিয়েই পাৰ হৈ আহিছে (Dangerous journey through river in Karbi Anglong)। দলংখন উটুৱাই নিয়াত এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । অঞ্চলটোত জৰুৰীকালীন সেৱাও অচল হৈ পৰিছে । আনহাতে কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ ৰোগী কান্ধত কঢ়িয়াই আনিব লাগে লোকসকলে ।

উল্লেখ্য যে উন্নয়নৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰ অধীনস্থ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াসকলক এইসকল লোকে দলং এখনৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ (Negligence of BJP govt)। আনহাতে আগন্তুক বাৰিষাৰ কথা ভাবিও চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । বাৰিষাৰ পূৰ্বে যদি এখন দলং নিৰ্মাণ নহয় তেন্তে বহি:জগতৰ সৈতে যোগাযোগ সম্পূৰ্ণ বন্ধ হ'ব অঞ্চলটোৰ ৰাইজৰ ।

লগতে পঢ়ক :Bill before electricity connection: জোনাইত সংযোগৰ পূৰ্বেই আহিল বিদ্যুতৰ বিল

For All Latest Updates

ABOUT THE AUTHOR

...view details