কলিয়াবৰ, ২ ছেপ্টেম্বৰ :কাৰ্বি আংলঙৰ শোচনীয় যাতায়াত ব্যৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ জনসাধাৰণে (poor road communication in Karbi Anglong)। পাহাৰীয় জিলাখন পথ যোগাযোগত এতিয়াও বহু পিছ পৰি আছে । আনহাতে, পাহাৰীয়া খৰস্ৰোতা নদীৰ বুকুৰে একাংশ লোকে মৰণত শৰণ দি কৰি আহিছে বিপদ সংকুল যাতায়াত (dangerous transportation in mountain river) ।
কলিয়াবৰৰ কুঠৰীৰ সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলং সীমান্তৰ ৰংমংৱে অঞ্চলৰ যাতায়াতৰ দুৰৱস্থা দেখিলে সকলোৰে চকু কপালত উঠিব । নৈৰ বুকুৰে বিপদ সংকুলভাৱে যাতায়াত কৰি আহিছে কেইবাখনো গাঁৱৰ ৰাইজে (Poor transportation system in Karbi Anglong) । আনহাতে, কলিয়াবৰৰ কুঠৰীৰ সৈতে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে ৰংমংৱেবাসীৰ (Rangmongwe cut off from Kuthori Kaliabor) ।
অঞ্চলটো পৰিদৰ্শন নকৰিলে হয়তো অনুভৱ কৰিব নোৱাৰিব অঞ্চলটোৰ যাতায়াতৰ দুৰৱস্থাৰ কথা । বাট-পথৰ দুৰৱস্থা আৰু যাতায়াত ব্যৱস্থাই দাঙি ধৰিছে কাৰ্বি আংলঙত উন্নয়নৰ প্ৰকৃত ছবি (poor development scenario of Karbi Anglong) । নৈৰ প্ৰবল সোঁত ফালি প্ৰতিদিনে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলটোৰ সাতখনকৈ গাঁৱৰ বাসিন্দাই । দেওপানী নৈৰে বিপদ সংকুলভাৱে যাতায়াত কৰি আছে সাধাৰণ জনতাই ।