অসম

assam

ETV Bharat / state

Pistol recovered at Bokajan: বোকাজানত সঘনাই উদ্ধাৰ হৈছে পিষ্টল - বোকাজানত পিষ্টল জব্দ

ইটোৰ পিছত সিটো পিষ্টল উদ্ধাৰ হৈছে কাৰ্বি আংলং জিলাত (Bokajan police arrested two with pistol and ammunition) ৷ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বোকাজান মহকুমাত দুটাকৈ দুৰ্বৃত্তৰ পৰা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷

Pistol recovered at Bokajan
বোকাজানত সঘনাই উদ্ধাৰ হৈছে অবৈধ পিষ্টল

By

Published : Jan 28, 2022, 10:39 PM IST

ডিফু, ২৮ জানুৱাৰী: অসম-নাগালেণ্ড সীমান্তৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত সঘনাই পিষ্টল আৰু গুলীসহ দুৰ্বৃত্ত আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Pistol recovered at Bokajan) ৷ বৃহস্পতি আৰু শুকুৰবাৰে বোকাজান মহকুমাৰ খটখটী আৰু বোকাজানত আৰক্ষীয়ে অভিযান চলাই দুটাকৈ দুৰ্বৃত্তসহ দুটা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

শুকুৰবাৰেও এক গোপন খবৰৰ ভিত্তিত বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বোকাজানৰ অমৰাজানৰ মণিপুৰীবস্তীত অভিযান চলাই প্ৰদীপ দাস ওৰফে দীপক নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় (Bokajan police arrested two with pistol and ammunition) ৷

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত যুৱকজনৰ কৱলৰ পৰা এটা '২২ পিষ্টল, এটা মেগজিন আৰু তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত দুৰ্বৃত্তটো কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছে নে নাই সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও অধিক তথ্যৰ বাবে দুৰ্বৃত্তটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:খেলুৱৈৰ অনুশীলনৰ পৰিৱৰ্তে ড্ৰাগছ আসক্তৰ আড্ডা ধুবুৰীৰ একমাত্ৰ ষ্টেডিয়ামত

ABOUT THE AUTHOR

...view details