ডিফু,৪ ফেব্ৰুৱাৰী :তিনিবছৰ পূৰ্বেই সোণাপুৰৰ পৰা চুৰি হোৱা এখন বিলাসী বাহন বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে পুৱাই অভিযান চলাই চুৰি বিলাসী বাহনখন জব্দ কৰাৰ লগতে দুটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Car lifter arrested in Karbi Anglong)৷
আৰক্ষী সূত্ৰই জনোৱা মতে পুৱা প্ৰায় ৮.৩০ মান বজাত ডিমাপুৰ অভিমুখে গৈ থকা AS-০১-BK-০০৮৮ নম্বৰৰ চাৰিচকীয়া বাহনখনত মাঞ্জা থানাৰ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলাইছিল (Car lifter in Karbi Anglong) । পাছত সেই বাহনখন ২০১৯ চনতে সোণাপুৰৰ পৰা চুৰি কৰি অনা বুলি নিশ্চিত হয় আৰক্ষী ৷