নিউজ ডেস্ক, 10 ডিচেম্বৰ : ছয়গাঁৱৰ দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী জামাল আলীক বৃহস্পতিবাৰে কৰায়ত্ব কৰিলে আৰক্ষীয়ে (Police nabbed drug mafia at Chhaygaon) ৷ এক গোপন সূত্ৰৰ আধাৰত ছয়গাঁও আৰক্ষী চকীয়ে চলোৱা এক অভিযানত বৃহস্পতিবাৰৰ সন্ধিয়া জামাল আলীক আটক কৰিবলৈ সক্ষম হয় ৷ ছয়গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছ ব্যৱসায়ী জামাল আলীয়ে জাহিজপুৰত মথাউৰিৰ দাঁতিত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় ৷ ব্যৱসায়ীটোৰ পৰা আৰক্ষী দলটোৱে 10 টা ড্ৰাগছ ভৰ্তি টেমা জব্দ কৰে ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই নিছিল বুলি অভিযোগ আছে জামাল আলীৰ বিৰুদ্ধে ৷
ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বৃহৎ সফলতা ধুবুৰী আৰক্ষীৰ ৷ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন চলাই নিয়া জাকিৰ আলী হুছেইনক আৰক্ষীয়ে বৃহস্পতিবাৰে কৰায়ত্ব কৰে ৷ কেইবাটাও অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় (illegal drugs smuggling in dhubri) চলাই গৈছিল জাকিৰ আলী হুছেইনে ৷ বিভিন্ন অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই জাকিৰ আলী হুছেইনৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ বৰ্তমান আৰক্ষীয়ে ব্যৱসায়ীটোক নিজৰ জিম্মাত ৰাখি অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷