ডিফু, 29 মাৰ্চ :অসমবাসীৰ বাবে এক সু-খবৰ ৷ সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ‘বালিমাহী’ৰ কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পূৰ্বে ঘোষণা কৰা পদ্মশ্ৰী বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে (Padmashree award to poet Dhaneswar Ingti) ৷ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুতো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় (Shakuntala Choudhury honored with Padmashree) ৷
ভাৰতৰ আন ১০৭ গৰাকী পদ্মশ্ৰী বঁটা প্ৰাপক ব্যক্তিৰ লগতে অসমৰ স্বনাম ধন্য ব্যক্তিদ্বয় ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীকো এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ধনেশ্বৰ ইংতিক সাহিত্য আৰু শিক্ষাৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কবি ধনেশ্বৰ ইংতি তথা তেওঁৰ আত্মীয় ৷